ৰুম নম্বৰ এঘাৰ (গুৱাহাটী বিশ্ববিদ্যালয়ৰ সেই কোঠাটো) মিষ্ট্ৰিয়াচ নাইট-8-( অন্তিম খণ্ড)


ৰুম  নম্বৰ এঘাৰ

(গুৱাহাটী বিশ্ববিদ্যালয়ৰ সেই কোঠাটো)-( অন্তিম খণ্ড)


- হেমন্ত দাস
click here to read 1st part

তিনিমান বজাত আৰ চি চি কোঠাবোৰত পুনৰ আমাৰ টীম মেম্বাৰ সোমায় স্পিৰিটৰ অপেক্ষাত খাপ পিটিব লাগিলো ৷ প্ৰতিটো মুহুৰ্ত ভীষণ উত্তেজনাত পাৰ হৈছে ৷ বুকুত দুৰু দুৰু শব্দ যদিও কাৰো মুখত মাতবোল নাই ৷ আগন্তুক বিপদৰ বাবে আমি অপেক্ষাৰত ৷ দহমিনিট মান পিছত আমাৰ কোঠাটোৰে ইঞ্জিনিয়াৰিং কলেজৰ দিশৰ পাহাৰ খনৰ পৰা এজাক চেঁচা বতাহ সোমায় আহি খোলা দৰ্জা খনেৰে ওলায় গ'ল ৷ এঘাৰ নম্বৰ কোঠাটো অচিনাকী ফুলৰ সুবাস এটাৰে ভৰি পৰিল ৷ ৷ বতাহ জাক পাৰ হৈ যাওতে জিঅ' ফ'ন ভাইব্ৰেচন ডিটেক্টৰটোৱে ক্ষন্তেক সময়ৰ বাবে ইলেকট্ৰ ' মেগনেটিক চিগনেল গ্ৰহণৰ সংকেত দিলে ৷ বতাহজাক পাৰ হৈ যোৱাৰ বহু পিছলৈ অচিনাকী ফুলৰ সুবাসটো ৰুম নম্বৰ এঘাৰত ভাহি থাকিল ৷ আমাৰ মনবোৰো সেমেকা সেমেকা ভাব এটাৰে উপচি থাকিল ৷ 
প্ৰায় তিনি বাজি পোন্ধৰ মিনিটত সাত নম্বৰ কোঠাটোত হৈ চৈ লাগিল ৷ টীম মেম্বাৰ মিথিলেচ আৰু মই সাত নম্বৰ ৰুমলৈ ৰাওনা হৈ দেখো যে সাত মম্বৰ ৰুমত স্পিৰিটলৈ খাপ পিটি থকা আমাৰ টীম মেম্বাৰ জাকিৰক মজিয়াত অইন দুজন টীম মেম্বাৰে গবা মাৰি ধৰি আছে ৷ কোঠাটো আৰবী আতৰৰ উগ্ৰ গোন্ধৰে ভৰি আছে ৷ সাত নম্বৰ কোঠাৰ মজিয়া জাকিৰৰ তেজেৰে ৰাঙলী হৈ পৰিছে ৷ আমি ত'তা তৈয়াকৈ জাকিৰক হস্পিতাললৈ লৈ গ'লো ৷

কি হৈছিল সাত নম্বৰ কোঠাটোত ::

শেষ নিশা উজাগৰী মানুহ শাৰীৰিক আৰু মানসিক দুয়োপ্ৰকাৰেই দুৰ্বল হৈ পৰে ৷ জাকিৰ হঁতে স্পিৰিটৰ আগমণৰ বাবে ৰৈ ৰৈ আমনি লাগি টোপনিয়াইছিল ৷ ঠিক সেই সময়তে দুৱাৰেৰে এজাক গা মন জোৰ কৰা শীতল বতাহ সোমায় আহিছিল ৷ লগতে এটা অচিনাকী ফুলৰ মধুৰ সোৱাস কঢ়িয়াই আনিছিল ৷ ক্ষন্তেকৰ ভিতৰতে বতাহজাক নাইকীয়া হৈছিল যদিও ৰুমটোত এটা সেমেকা ভাব ৰৈ গৈছিল ৷ জাকিৰহঁতৰ অজানিতে সিহঁতৰ মনবোৰ দুৰ্বল হৈ পৰিছিল ৷ সলনি হৈছিল সিহঁতৰ চিন্তাধাৰা ৷ বুকুত অজান দুখ এটাই খুুণ্ডা মাৰি ধৰিছিল ৷ গোটেই পৃথিৱী যেন মিছা ৷ সিহঁতৰ জীয়াই থকাৰ কোনো মুল্য নাই ৷ ভীষণ অকলশৰীয়া ভাব এটাই সিহঁতক আবৰি ধৰিছিল ৷ কান্দোন একোটা উজোৱাই আহি বুকু খনত হেচাঁ মাৰি ধৰি আছিল ৷ পাঠক সমাজৰ বহুতেও চাগে এই অবাবত দুখ লগা আৰু অকলশৰীয়া লগা বেমাৰটোত বহুবাৰ ভুগিছে ৷ এনেকুৱা হোৱা মানে নিশ্চিত হ'ব যে আপোনাৰ চাৰিওপিনৰ ইলেকট্ৰমেগনেটিক ফিল্ডখনত নিগেটিভ এনাৰ্জিয়ে ক্ৰিয়া কৰিছে ৷ গতিকে যিমান সোনকালে পাৰে সেই পৰিবেশৰ পৰা আঁতৰি যাওক (আমাৰ সমাজত এনেও মন বেয়া লাগিলে লগ বন্ধু বা পৰিয়ালৰ অন্য সদস্যৰ ওচৰলৈ যাব দিয়াৰ পৰম্পৰা এটা আছেই ৷ ই আমাৰ অজানিতে আমাক নিগেটিভ এনাৰ্জিৰ পৰা আঁতৰাই ৰখাৰ এক ব্যৱস্হা) ৷ যি হওক জাকিৰে এই কথা ভালদৰে বুজিছিল যদিও শেষ নিশাৰে নে পৰিবেশৰে প্ৰভাৱত সি ভীষণ ভুল এটা কৰি পেলাইছিল ৷ মনটোক সবল কৰিবলৈ সি কোৰাণৰ আয়াত কিছুমান আওৰাইছিল ( পেৰানৰ্মেল ইনভেষ্টিগেচনত যিকোনো পৰিস্হতিত উপাসনা সম্পুৰ্ণ ভাৱে নিষিদ্ধ ৷) ৷ লগে লগে অলৈকিক শক্তিয়ে জাকিৰক কাবু কৰি পেলাইছিল ৷ সি হুক হুকাই কান্দিব লাগিছিল ৷ পিছ মুহুৰ্ততে সি ভীষণ জোৰেৰে নিজৰ মুৰটো খিৰিকীৰ ৰদত খুণ্ডা মাৰি দিছিল ৷ টীম মেম্বাৰ ৰবিন আৰু নীলাভ দৌৰি গৈ তাক সাৱটি ধৰিছিল ৷ কিন্তু তেতিয়া যেন জাকিৰৰ গাত অযুত শক্তি ৷ কোনোপধ্যেই তাক কাবো কৰিব নোৱাৰি ৷ সি জোৰ জোৰকৈ কোৰাণৰ আয়াত আওৰাইছিল ৷ উপায়ন্তৰ হৈ দুয়ো তাক মজিয়াত বাগৰাই গবা মাৰি ধৰি তাৰ মুখ বন্ধ কৰি ৰাখিছিল ৷ ইতিমধ্যে জাকিৰৰ কপাল ফাটি হুৰ হুৰাই তেজ নিগৰিছিল ৷

        পিছদিনা বৃহস্পতিবাৰ ৷ ভাত পানী খায় আটাইবোৰ লেপটেপৰ সমুখত বহি যোৱা নিশাৰ ঘটনাৱলী সম্পৰ্কে কানাডাস্হিত পেৰা নৰ্মেল ইনভেষ্টিগেচন চ'ছাইটিৰ প্ৰেচিডেণ্ট ৰবীনচনৰ সৈতে আলোচনাত ব্যস্ত (পাঠক সমাজে উক্ত চ'ছাইটিৰ বিষয়ে গুগলত সবিশেষ চাব পাৰিব)৷ আজি এক ব্যতিক্ৰমী ধৰণে ইনভেষ্টিগেচনৰ পৰিকল্পনা কৰা হ'ল ৷ অইন দিনাখনে হলে জাকিৰে এই পৰিকল্পনাৰ দুৰ্ঘোৰ আপত্তি কৰিলেহেতেন ৷ কিন্তু আজি সি যোৱানিশাৰ মুৰ্খামীৰ বাবে ভীষণ লজ্জিত ৷ গতিকে কোঠাটোৰ এমুৰে সি তলমুৰকৈ বহি থাকিল ৷ সি ভালদৰেই বুজিছিল যোৱানিশাৰ তাৰ সেই কাৰ্যই আটাইৰে জীৱনলৈ অমানিশা নমাই অনাৰ পুৰামাত্ৰাই সম্ভৱনা আছিল ৷ 

          নিশা ন বজাৰ লগে লগে মিথিলেচ আৰু মই গাৰ সমস্ত কাপোৰ - কানি আনকি হাতৰ আঙুঠি, ডিঙিৰ চেইন পৰ্যন্ত খুলি পেলালো ৷ মিথিলেচ সাত্বিক বামুণ মানুহ ৷ সি তাৰ লগুনডাল সাতবাৰমান সেৱা কৰি টেবুলত থলে ৷ তাৰ পিছত দুয়ো একোখনকৈ বগা মাৰ্কিন কাপোৰ গাত মেৰিয়াই ল'লো ৷ হাতত ই এম এফ মিটাৰ আৰু সৰু মণিটৰতো লৈ দুয়ো কোঠাৰ পৰা ওলায় আহিলো ৷

নিশা এক বজাত দুয়ো আৰ চি চি চৌহদত প্ৰবেশ কৰিলো ৷ বাকীবোৰ টীম মেম্বাৰ ভগবানক সঁুৱৰি চৌহদৰ বাহিৰত ৰৈ থাকিল ৷ তেওঁলোকে যি কোনো পৰিবেশৰ বাবে প্ৰস্তুত থাকিল ৷ এখন এম্বুলেঞ্চও ইমাৰ্জে়ঞ্চিৰ বাবে ডাক্তৰ সহ সাজু কৰি ৰখা হ'ল ৷ অৱশ্যে তেওঁলোকক আমাৰ মিছন সম্পৰ্কে একো জনোৱা নহ'ল ৷ বাৰাণ্ডাত ভৰি দিয়াৰ লগে লগে মিঠা সুৱাস এটাই আমাক সম্ভাষণ জনালে ৷ বাৰাণ্ডা খনৰ অ'ত ত'ত দুটামান জোনাকী পৰুৱা উৰি ফুৰিছিল ৷ মিথিলেচে দৌৰ মাৰি গৈ তাৰ মাজত এটাক থাপ মাৰি ধৰিলে ৷ তাৰ পিছত দুয়ো বাৰাণ্ডাত লৰ চৰ নকৰাকৈ ঠিয় হৈ ৰ'লো ৷ অলপ সময়ৰ বিৰতিৰ পিছতে এটা দুটাকৈ জোনাকী পৰুৱাবোৰ আহি আমাৰ চাৰিওপিনে উৰিব ধৰিলে ৷ আৰু এটা সময়ত আমাক জোনাকী পৰুৱাই আৱৰি ধৰিলে ৷ মিথিলেচে লাহেকৈ হাতৰ মুঠিটো খুলি জোনাকী পৰুৱা জনীক এৰি দিয়াত আটাইবোৰ জোনাকী পৰুৱা গৈ ৰুম নম্বৰ এঘাৰত সোমাল ৷ আমিও পিছে পিছে গৈ দুৱাৰ মুখত ঠিয় হৈ গাৰ একমাত্ৰ কাপোৰখন বাৰাণ্ডাত পেলাই সম্পুৰ্ণ উলংগ অৱস্হাত কোঠাটোত প্ৰবেশ কৰিলো ৷ দুৱাৰ খন নিজে নিজে বন্ধ হৈ গ'ল ৷ শুকান মাছৰ নিচিনা গোন্ধ এটা কোঠাটোত বিয়পি আছিল ৷ জি অ' ফ'ন ভাইব্ৰেচন ডিটেক্টৰটোৱে তেতিয়া ইলেকট্ৰ'মেগনেটিক চিগনেল ৰিচিভ কৰাৰ সংকেত দিছিল ৷ মই হাতৰ মণিটৰটোলৈ চালো ৷ ইনফ্ৰাৰেড থাৰ্মেল থাৰ্মমিটাৰটোৱে আমাৰ পৰা চাৰিফুটমান আতৰতে এটা কল্ড স্পট ধৰা পেলালে ৷ "চাৰ, ইমান সহজতে কেনেকৈ……! প্লীজ বি কেয়াৰফুল "' মই এখোজমান কল্ড স্পটটোৰ পিনে আগুৱাব লওতেই মিথিলিচে মোৰ হাতত থাপ মাৰি ধৰি ক'লে ৷ মই তাৰ হাতত নিৰ্ভয় দিয়াৰ ভংগীত থপৰিয়াই আগুৱাই গৈ স্পিৰিটৰ সৈতে যোগাযোগৰ চেষ্টা চলালো ৷ এটা সময়ত শীতল সোঁত এটা মোৰ মাজেৰে পাৰ হৈ গ'ল ৷ মই ঠাঁণ্ডাত থৰথৰে কঁপিছো ৷ মোক যেন কোনেবাই বৰফৰ নৈ এখনত পেলাই দিছে ৷ ই ভি পি মিটাৰটোৱে ইলেকট্ৰ মেগনেটিক চিগনেল ৰেকৰ্ডিংৰ সংকেত দিয়া সেউজীয়া লাইটোলৈ চাই চাই অৱশেষত মই জ্ঞান হেৰালো ৷ যেতিয়া সাৰ পাওঁ তেতিয়া মই এম্বুলেঞ্চত ৷ মই চকু মেলাৰ লগে লগে আটাইবোৰ টীম মেম্বাৰে " হিপ হিপ হুৰে " বুলি চিঞৰি মোক সাৱটি ধৰিলে ৷

আচলতে কি হৈছিল :::

তন্ময়ী বৰুৱা মেধাবী ছাত্ৰী ৷ সম্ভ্ৰান্ত ঘৰৰ তনময়ী এবুকু আশা লৈ গুৱাহাটী বিশ্ববিদ্যালয়লৈ পঢ়িবলৈ আহিল ৷ কালক্ৰমত বিশ্ববিদ্যালয়ৰ ওচৰৰে পান দোকানী ইলিয়াছৰ লগত তাইৰ প্ৰেম সম্বন্ধ গঢ়ি উঠিল ৷ স্বভাৱিক ভাৱেই পৰিয়াল আৰু সমাজৰ ভীষণ বাধাৰ সমুখীন হ'ল সিহঁত ৷ কিন্তু প্ৰেমে ক'ত বাধা মানে ৷ দুয়ো বিয়া পাতি পাহাৰৰ দাঁতিৰ তৰ্জা বেৰৰ টিনপাত লগোৱা ঘৰ এটাতে থাকিবলৈ লাগিল ৷ ইপিনে তাইৰ পৰিয়ালে তাইৰ লগত সকলো সম্পৰ্ক চিঙি পেলালে ৷ তন্ময়ী সম্ভ্ৰান্ত ঘৰৰ আলাসত ডাঙৰ হোৱা ছোৱালী ৷ অভাৱ কি তাই কেতিয়াও বুজি পোৱা নাই ৷ গতিকে বিয়াৰ কিছু দিনৰ পিছতে পৰিবেশ আৰু অভাৱৰ প্ৰবাৱত ইলিয়াছৰ প্ৰতি তাইৰ মোহ ভংগ ঘটিল ৷ সৰু সৰু কঠাতে দুয়োৰো ভীষণ কাজিয়া লগা হ'ল ৷ এনেদৰেই এদিন খংৰ ভমকত ইলিয়াছে তাইক তিনি তালাক দিলে ৷ কিন্তু পিছ মুহুৰ্ততে তাৰ ভুল ভাগিল ৷ দুয়ো দুয়োৰে অবিহনে জীয়াই থাকিব নোৱাৰে ৷ গতিকে উপায় বিচাৰি সিহঁত মৌলানাৰ কাষ চাপিল ৷ মৌলানাই সিহঁতক ' নিকাহা হালালা' কৰাৰ পৰামৰ্শ দিলে ৷ হালালা হ'ল মুছলমান সকলৰ এনে এক নিয়ম য'ত তালাকচুদা দম্পতীয়ে যদি পুনৰ একেলগে থাকিব বিচাৰে তেন্তে মহিলা গৰাকী কোনোবা এজন অচিনাকী ব্যক্তিৰ সৈতে এৰাতিৰ বাবে বিয়া হৈ শাৰীৰিক সম্পৰ্ক স্হাপন কৰি পিছদিনা তালাক লৈ পুনৰ আগৰ স্বামীৰ সৈতে নিকাহ কৰিব লাগিব ৷ প্ৰথম অৱস্হাত তন্ময়ীয়ে ভীষণ বিৰোধিতা কৰিছিল যদিও শেষত উপায়ন্তৰ হৈ মান্তি হৈছিল ৷ মৌলানা গৰাকীয়ে তাইক নিকাহ কৰাই পুনৰ তালাক দিয়াৰ প্ৰতিশ্ৰুতি দিছিল ৷ সেই মতে সত্তৰ উৰ্ধৰ মৌলানাৰ লগত বিশ বছৰীয়া তন্ময়ীৰ নিকাহ হৈছিল ৷ নৈশ যাপনৰ ব্যৱস্হা ইলিয়াছ হতৰ হেঁপাহৰ ঘৰটোতে কৰা হৈছিল ৷ তন্ময়ীৰ গাভৰু দেহাটো পায় মৌলানা চয়তান হৈ পৰিছিল ৷ গোটেই নিশা সাংঘাটিক নিৰ্যাতন চলাইছিল তাইৰ ওপৰত ৷ পৰিস্হিতিৰ পাকত নিজৰ হেঁপাহৰ ঘৰটোত স্বামীৰ বিচনাত নিজৰ ককায়েকৰ বয়সৰ মানুহ এজনৰ হাতত নিয্যাতিত হ'ব লগা হোৱাত তন্ময়ীৰ অন্তৰাত্মাই হাঁহাঁকাৰ কৰি উঠিছিল ৷ নিজৰ শৰীৰটোলৈ ভীষণ ঘৃণা উপজিছিল তাইৰ ৷ পুৱাৰ প্ৰথম প্ৰহৰতে তাইক তিনি তালাক দি মৌলানা গুছি গৈছিল ৷ কিন্তু তন্ময়ী ভৰ দুপৰীয়ালৈকে বিছনাত পৰি আছিল ৷ 

      আবেলি ইলিয়াছ আহি যেতিয়া ঘৰ সোমায় তেতিয়া তাই চিপ জৰী লগায় ওলমি আছিল ৷ পুলিচৰ ভয়ত মৌলানা জনৰ সহায়ত সি তাইক গোপনে নমাই আনি বিছনাত শুৱাই থৈ নিজ গাঁওলৈ পলাই গুছি গৈছিল ৷ কিন্তু তন্নয়ীৰ দুৰ্ভাগ্যই যেন মৃ ত্যুৰ পিছতো তাইৰ পিছ এৰা নাছিল ৷ ৰাতি মদাহী দুজনে সিপিনেদি পাৰ হৈ যাওতে খোলা দুৱাৰেদি গাভৰু তন্ময়ীক শুই থকা দেখি সিহঁতৰ জিভাৰ পানী পৰিল ৷ মদৰ নিচাত সিহঁতে তন্ময়ীৰ মৃতদেহটোক উপৰ্যোপৰি ধৰ্ষণ কৰিলে ৷ কিন্তু যেতিয়া ইমান সময়ে এটা মৃতদেহক ঘৰ্ষণ কৰা বুলি সিহঁতে বুজিলে ভয়ত সিহঁতৰ অৱস্হা নাইকীয়া হ'ল ৷ ভয়তে সিহঁতে ঘৰটোকে জুই লগায় দি তাৰ পৰা পলাল ৷ তৰ্জাবেৰৰ জুইত আধা পুৰা তন্ময়ীৰ শৰীৰটো বহুদিনলৈ কুকুৰ মেকুৰী শিয়ালৰ ভোজন হৈ ৰ'ল ৷ 
যেতিয়া সেই ঠাইখিনিত আৰ চি চিটো বনোৱা হ'ল তন্ময়ীৰ আত্মা প্ৰতিশোধ পৰায়ণ হৈ উঠিল ৷ 

(উপসংহাৰ:: জালুকবাৰী পুলিচে এটা কেচ ৰুজু কৰি তন্ময়ীৰ গিৰীয়েক আৰু মৌলানাক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিলে ৷ মদাহী দুজনৰ এজনৰ ৰেলৰ খুণ্ডাত আৰু আনজনৰ দীপৰ বিলৰ পানীত পৰি ইতিমধ্যে মৃত্যু ঘটিছিল ৷)



#তলৰ হোৱাটচএপ ফেচবুক বুটামত ক্লিক কৰি গল্পটো আপোনাৰ বন্ধুসকলকো শ্বেয়াৰ কৰক আৰু আপোনাৰ দৰে আন দহজনকো পঢ়াৰ সুবিধা দিয়ক 😊

ghost story assamese



[[মিষ্ট্ৰিয়াচ নাইট নামটোতে বহু কথা আছে । কিয়নো ইয়াত আমি প্ৰকাশ কৰো কিছুমান ৰহস্যময় লিখনি, কিছুমান মানুহৰ জীৱনৰ অভিজ্ঞতা, অশৰীৰি আত্মাৰ কথা, ঘটনা তথা গল্প । ৰহস্যৰ দোমোজাত আমি পাহৰি পেলাও এয়া বাস্তৱ নে সপোন নে মনৰ ভ্ৰম। কিছুমান মানুহে যিসকলে দাবী কৰে এয়া তেওঁৰ জীৱনৰ বাস্তৱ অভিজ্ঞতা...তেনেই কিছুমান লিখনিৰে আগবাঢ়ি আছে এই শিতানটো।... আপোনাৰ জীৱনতো তেনে কোনো ঘটনা আছে নেকি? যিবোৰ শুনি বেলেগে হাঁহিছে! যাক আপুনি মিছা বুলি প্ৰকাশ কৰিবলৈও কষ্ট পায়। আমালৈ লিখকচোন। আমাৰ ফেচবুক পেজৰ ইনবক্সত বা ইমেইলত swapniljonak@gmail.com পঠিয়াব পাৰে। যদি আপুনি বিছাৰে আমি আপোনাৰ পৰিচয় গোপনীয় ভাবে ৰাখি প্ৰকাশ কৰিম। কিয়নো কোনেওঁ নুশুনিলেও আমি শুনিম আৰু লগতে শুনোৱাম হাজাৰজনক।]]
 (বিঃদ্ৰঃ-অন্ধবিশ্বাসৰ কোনো প্ৰসাৰত আমি সমৰ্থন নকৰো)




⬇️⬇️Share button ⬇️⬇️

Post a Comment

3 Comments