পদুলি শুৱনি কৰা নয়নতৰা ফুলৰ গুণ আৰু ব্যৱহাৰ



পদুলি শুৱনি কৰা নয়নতৰা ফুলৰ গুণ আৰু ব্যৱহাৰ

বছৰৰ বাৰমাহে ফুলি থকা নয়নতৰা ফুলজুপী আমি প্ৰায় সকলোৱে চিনোহঁক । পদুলিমুখত, টাবত বা ঘৰৰ আশে পাশে অতি কম যতনতে জকমকাই ফুলি থকা ৫টা পাহিৰ সৰু সৰু ফুলৰ গন্ধহীন নয়নতৰাই আমাৰ নয়ন জুৰোৱাই নহয় ই আমাৰ দেহৰ বাবেও যথেস্থ উপকাৰ সাধন কৰে । আয়ুৰ্বেদত ইয়াক জীৱনদায়িনী বনৌষধী বুলি গন্য কৰা হৈছে । এনেকি আধুনিক চিকিত্সা গৱেষক সকলে দুৰাৰোগ্য নানা ৰোগৰ দৰৱ উদ্ভাৱন কৰিব ধৰিছেহি ।
নয়নতৰা সাধাৰনতে বগা আৰু গুলপীয়া ৰঙৰ দেখা যায় যদিও স্থানভেদে অতি ৰঙা ,পাতল গুলপীয়া ,কমলা আদি কেবাৰঙৰো দেখা যায় ।
ঔষধী আৰু গুণগত মান হিচাৱে বগানয়নতৰা আটাইতকৈ শ্ৰেস্থ্য । দ্বিতীয়তে গুলপীয়া ।
নয়নতৰাক হিন্দী ভাষাত -সদাবাহাৰ, সদাফুলি, সদা সুলজি , ইংৰাজীত Vinka আদি নামেৰে জনাজাত । বৈজ্ঞানিক নাম- Cartharanthus Roseus . ২-৩ফুট ওখ গুল্মজাতীয় উদ্ভিদ । পাত ডিম্বাকৃতি গাঢ় সেউজীয়া ।
ব্যৱহাৰ
নয়নতৰাৰ ফুল,ডাল ,পাত শিপা আদি সকলো অংশই ঔষধী হিচাৱে ব্যৱহৃত হয় । অভাৱত শুকান চুৰ্ণ হিচাৱেও ব্যৱহাৰ কৰিব পাৰি ।
গুণাগুণ:
✅১॥ নয়নতৰা মধুমেহ ৰোগীৰ বাবে প্ৰকৃতিৰ মহৎ দান । ৰাতিপুৱা খালিপেটে ৫টা নয়নতৰা পাত পিহি বা চোবাই খালে এই ৰোগত চুগাৰ (শৰ্কৰা) নিয়ন্ত্ৰনত থাকে । এক ঘন্টা পিচত চাহ বা অইন আহাৰ খাব ।
অন্যথা ৫টা ফুল বা পাত এগিলাচ পানীত তিয়াই থৈ ৰাতিপুৱা পানীখিনি খাব পাৰে । বগা জাতৰ নয়নতৰা উত্তম ফলপ্ৰসু । ( ১০ বা ১৫দিনৰ পাচত পৰীক্ষা কৰি চাব আৰু উপসম পালে পাতলাই খাব । )
✅২। উচ্চ ৰক্তচ্চাপ নিয়ন্ত্ৰনৰ বাবে নয়নতৰাৰ শিপা উপকাৰী ॥ ইয়াৰ ২-৪ ইঞ্চি শিপা ধুই ৰাতিপুৱা আহাৰ খোৱাৰ এঘন্টা আগত চোবাই ৰসখিনি খাব । দ্ৰুত ফল লাভৰ বাবে নয়নতৰা শিপাৰ লগত সৰ্পগন্ধাৰ শিপা বা চুৰ্ন খাব ( সৰ্পগন্ধা নাপালে আ্য়ুৰ্বেদিক ফাৰ্মাচিত সৰ্পগন্ধা দৰৱ পাব অন্যথা নাপালে কেৱল নয়নতৰা খাব । ১ সপ্তাহৰ পিচত পৰীক্ষা কৰি নিয়ন্ত্ৰন হোৱাযেন পালে পাতলাই খাব ।
(  অইন কোনো দৰৱ ওচৰা ওচৰি সময়ত নাখাব ।আহাৰ নীতি পালন কৰিব )
✅৩। কৰ্কত ৰোগৰ বাবে নয়নতৰা অতি হিতকাৰী । কৰ্কত ৰোগত নয়ন তৰাৰ পৰাও ঔষধ /ইন্জেক্ চন আদি বনোৱা হয় । তাৰ বিপৰীতে (মধুমেহ ৰোগত খোৱাৰ নিয়মত ) একেৰাহে দীৰ্ঘদিন খালে আৰাম পায়. খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লব )
৪। নয়নতৰাই ৰক্তদোষজনীত বিকাৰ বা তেজৰ দোষত হোৱা ৰোগ দুৰ কৰে আৰু
ৰক্ত শৰ্কৰা ( ব্লাড চুগাৰ) নিয়ন্ত্ৰন কৰে ।
৫। ঘা , খজুৱতি আদিত পাতৰ ৰস লগালে সোনকালে আৰোগ্য হয় ।
৬। সন্ধিবাত ৰোগত নয়নতৰা পাতৰ ৰস নিয়মিত খালে উপসম হয় ।
৫। মৌ মাখি বা কীটপটঙ্গই কামোৰা ঠাইত লগালে বিষ কমে ।
৬। এলাৰ্জী বা অন্য কাৰনত চাল খজুৱাই ৰঙা পৰিলে বা অধিক ঘামচী হলে নয়নতৰাৰ পাতৰ ৰস ঘহিলে উপসম হয় ।
৭। ভাঙৰ লৰাছোৱালী কৃমিৰোগত ৩-৪টা পাতৰ ৰস খালিপেটত খুৱালে কৃমি নাশ হয় ।
৮। সপ্তাহত এদিন নয়নতৰাৰ পাত ৩-৪টা খালে মেধাশক্তি বৃদ্ধি হয় ।
৯। মহিলাৰ মাহিলি ঋতুশ্ৰাৱৰ সময়ত অধিক ৰক্তক্ষৰন হলে নয়নতৰা পাত ৫টা খালে উপসম হয় ।
১০॥ নয়নতৰা গছ ঘৰৰ আশেপাশে থাকিলে ইয়াৰ বাতাবৰনে দেহৰ নানা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।

কিছু অপকাৰী গুন

১। মাত্ৰাধিক কেতিয়াও নেখাব ।
২। অকাৰনত নিৰোগী লোকে সঘনাই নাখাব ।
৩। গৰ্ভৱতী মহিলা বা অস্ত্ৰোপচাৰ কৰা লোকে নাখাব ।
৪। কিছু লোকৰ বমিভাৱহবপাৰে । তেনে লোকে ৰাতিপুৱা আহাৰ খোৱাৰ এঘন্টা পিচত খাব ।
৫। অন্যান্য কোনো জটিল ৰোগ থাকিলে চিকিত্সকৰ বিনা পৰামৰ্শত নাখাব ।


দেখিলেনে ? আমি বহুতেই ঔষধী বুলি নজনা নয়নতৰা ফুল জোপা আমাৰ বাবে কিমান উপকাৰী । সেয়ে নয়নতৰা ফুল টাবত বা ঘৰৰ আশেপাশে নিশ্চয যতনেৰে ৰুব ।

আপোনাৰ স্বাস্থ্য সেৱাত। 
শ্ৰী যতীন দাস । / মালয়বাৰী
কামৰূপ ম ( অসম) ছেপ্তেম্বৰ:২০১৮

( বিঃদ্ৰঃ - তলৰ 👇🏻 হোৱাটচএপত /ফেচবুক শ্বেয়াৰ বুটামটোত ক্লিক কৰি হোৱাটচএপ/ফেচবুকত শ্বেয়াৰ কৰকচোন ।যাতে আপোনাৰ দৰে আৰু আন দহজনে পঢ়িব পাৰে। কোনোবা উপকৃত হলে নিশ্চয় সুখী হম) 

Post a Comment

0 Comments