ভাং বা গাঞ্জা খোৱাটো শৰীৰৰ বাবে উপকাৰী নে অপকাৰী??


ভাং   বা  গাঞ্জা খোৱাটো শৰীৰৰ বাবে উপকাৰী নে অপকাৰী

ভাং খোৱা সকলৰ বহুতকে শুধি চালো এই প্ৰশ্নটি; কোনোবাই অমুক বেমাৰত ভাল ,তমুকত বেয়া আদি নানাজনৰ নানা মিল নোখোৱা উত্তৰ! ...কাৰো পৰা সন্তোষ জনক উত্তৰ নেপাই নিজেই কিবাকিবি অধ্যয়ন কৰি পোৱা অভিজ্ঞতা খিনি আপোনাসৱলৈ আগবঢ়ালোঁ 
ভাং বা গাঞ্জা ( বনস্পতীয় নাম cannabis ) এবিধ নিষিদ্ধ নিচাজাতীয় সামগ্ৰী হোৱা হেতুকে ইয়াৰ বিষয়ে বেচিকৈ লিখিবলৈ নাযাও । মই মাত্ৰ ইয়াক সেৱন কৰা লোকৰ জ্ঞাতাৰ্থে কিছু স্বাস্থ্যবিষয়ক লাভ ক্ষতি সম্পৰ্কে দুআষাৰ লিখিবলৈ ওলাইছোঁ ।
ভাৰতীয় হিন্দু ধৰ্মত শিৱভক্ত সকলৰ মতে ভাঙক ভগৱানৰ প্ৰসাদ হিচাবে বহু হেজাৰ বছৰ প্ৰাচীন কালৰে পৰা গ্ৰহন কৰি অহা হৈছে । তিনিৰ পৰা আঠ ফুট পৰ্যন্ত ওখ শিৰলা শিৰলী পাতযুক্ত দক্ষিন এচিয়াৰ সৰ্বত্ৰে উপলব্ধ ভাঙৰ গছজুপী প্ৰায়ভাগেই চিনি পায় , আৰু মহাদেৱৰ প্ৰসাদেই হওঁক বা নিচাজাতীয় দ্ৰব্য বুলিয়েই হওক ইয়াৰ চাহিদা ভুক্তভোগীয়েহে বুজি পায় । ধুমপান হিচাবেই হওক বা পানীয় ঘোটা, ক্ষীৰ,চাহ, চৰৱত, লাড়ু আদি বনাই যিয়ে যেনেকৈয়ে
নাখাওক অন্নান্য মদ, কানি , ড্ৰাগ্ চ আদি নিচাজাতীয় দ্ৰব্যৰ তুলনাত ভাং বা গাঞ্জা কোনো গুণে কম নহয় । বৰং কুমলীয়া বয়সৰ লৰা ছোৱালীৰ পৰা বিভিন্ন বয়সৰ লোকে বা চোৰাংকৈ হলেও উচ্চ নিম্ন বিভিন্ন স্তৰৰ লোকে উৎসৱে পাৰ্ৱনে বা যেতিয়াই তেতিয়াই য'তে ত'তে সেৱন কৰা লোকৰ সংখ্যা দিনক দিনে বাঢ়িহে আছে । ভাঙৰ পৰা বনোৱা নিষিদ্ধ নিচাদ্ৰব্য Marijuana দেশে বিধেশে চোৰাংকৈ ৰমৰমীয়া ব্যৱসায় চলি আহিছে।
ব্যৱহাৰ আৰু গুণাগুন

আয়ুৰ্ব্বেদ শাস্ত্ৰমতে ভাং এবিধ উৎকৃষ্ট বনৌষধীহে। । ইয়াক নিচাদ্ৰব্য হিচাৱে ব্যৱহাৰ কৰাতো অত্যন্ত ক্ষতিকৰ আৰু শৰীৰৰ বাবে বিষতুল্য ।
এজন লোকে দিনত কম মাত্ৰাত ( আধা চিলিম ) ভাঙৰ ধোৱা সেৱন , বা আধাৰ পৰা এক চামুচ পাতৰ ৰস নাইবা ২৩ গ্ৰাম শুকান ভাং পানী বা গাখীৰত সিজাই খালে শৰীৰৰ একো ক্ষতি নহয় । বৰং তলত দিয়া ৰোগসমুহৰ বাবে যথেস্থ ফলদায়ক ।

বাহ্যিক প্ৰয়োগ : 

ভাঙৰ পাতৰ ৰস ঘা, ফোহা,খৰ খজুৱতি , অন্ডকোষ বৃদ্ধি,ুযোনীৰোগ অন্যহাতে পোক মৰা ওকণী মৰা আদি নানা কাৰনত ব্যৱহাৰ হয় । ভাং বীজৰ পৰা উৎপাদিত তেল শৰীৰৰ বিষনাশক হিচাৱে বৰ উপকাৰী । ঔদ্যোগিক ক্ষেত্ৰত ভং গছৰ পৰা সুতা, ৰচী, আদি নিৰ্মানৰ পণ্যদ্ৰব্য(raw meterials)হিচাবে ব্যৱহৃত হয় ।

শৰীৰৰ নানাবিধ জটিল ৰোগ  কৰ্কট, বহুমুত্ৰ, মুত্ৰকৃচ্ছ, নপুংশতা,এজমা,কাহ, হাঁওফাঁও , মস্তিষ্ক ,মানসিক ৰোগ, অন্ডকোষ বৃদ্ধি, যৌনৰোগ,অতিসাৰ , গ্ৰহণী আদি ৰোগত উপকাৰী ।
ইয়াৰোপৰি চকুৰ গ্লুকোমা ৰোগ মুৰৰ বিষ, গাৰ বিষ , মাংসপেশীৰ বিষ , ভোক নলগা ,অস্থিৰতা , টোপনী নহা ,মন বেয়া লগা ,গা গধুৰ গধুৰ লগা ইত্যাদি বিভিন্ন সমস্যাত প্ৰাচীন আয়ুৰ্বেদ চিকিৎসকে (বৈদ্য) সঠিক মাত্ৰা আৰু উপাদানেৰে ইয়াক ব্যৱহাৰ কৰিছিল ।
কালক্ৰমত নিচাগুণ আৰু ইয়াৰ ভুল মাত্ৰা সেৱন কৰি হব পৰা পাৰ্শ্বক্ৰিয়াৰ বাবে বহল ভিত্তিত এই চিকিৎসাৰ প্ৰসাৰ শিথিল হয়।
বৰ্তমান আধুনিক চিকিৎসা গৱেষকে ভাঙৰ বিভিন্ন প্ৰজাতিৰ পৰা নানা ধৰনৰ ঔষধ প্ৰস্তুত কৰাটো সৌভাগ্যৰ বিষয়।

ভাঙৰ অপকাৰিতা

ভগৱান শিৱৰ প্ৰসাদ বা অন্য যি ধৰনেই নাখাওক ইয়াৰ সেৱনত উপকাৰতকৈ অপকাৰহে বেচি। অপ্ৰয়োজনত বা মাত্ৰাধিক জীৱনদায়ী ঔষধ সেৱন বিষ হৈ পৰাৰ নিচিনা অভ্যাসগত বা পৰ্ব দিনত মাত্ৰাধিক ভাং বা ভাঙেৰে প্ৰস্তুত সামগ্ৰী খোৱাৰ ফলত দেহৰ বাবে নানা ক্ষতিকাৰক হব পাৰে ।
১। মগজুৰ ক্ষতি,: শীতল নিচাযুক্ত যদিও ভাঙৰ নিচাই অধিক সময়লৈ মগজুৰ কোষত যথেস্থ আঘাত কৰে যাৰ ফলত অধিক হঁহা,কন্দা ভুল সিদ্ধান্ত কৰা , চকু মেলি শোৱা, ওপৰলৈ যোৱা বা তললৈ সৰি পৰা অনুভৱ হোৱা, আদি বিকৃতি হয় ।
২। মগজুৰ ক্ষমতা লাহে লাহে কমি আহে ,স্মৃতি শক্তি , চিন্তাশক্তি কমে লগতে দেহৰ সকলো স্নায়ু,ৰক্তকোষ আৰু ইন্দ্ৰীয়বোৰৰ ক্ষতিসাধন হয় ।
৩। মানসিক ৰোগ: মাত্ৰাধিক সেৱনত স্থায়ীভাৱে মানসিক ৰোগ গ্ৰস্ত বা পাগল হব পাৰে ৪। এলেহুৱা সময়ৰ মুল্য নুবুজা আৰু
দায়িত্বজ্ঞানহীন হব পাৰে ।
৫। মহিলাৰ মাহেকীয়া ঋতু অনিয়মযম হব পাৰে। গৰ্ভৱতী মহিলাৰ সন্তানৰ আঘাত বা মস্তিস্কহীন অবিবেকী সন্তান জন্ম হব পাৰে ।
৬। পুৰুষৰ শুক্ৰকীট নষ্ট হব পাৰে নিসন্তান বা নপুংশক হব পাৰে ।
৭। আতিমাত্ৰা সেৱনত ৰক্তচ্চাপ ষ্ট্ৰোক বহুমুত্ৰ কেঞ্চাৰ থায়েৰইদ,এজমা মগজু  আৰু স্নায়ুদৌৰ্বল্য ,মানসিক ৰোগ আদিৰ বাহক হব পাৰে ।
৮।  মহিলা আৰু লৰাছোৱালীৰ বাবে অত্যন্ত হানিকাৰক ।
৯। ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য দুৰ্বল হোৱাৰ লগতে মনোযোগ আৰু স্মৃতিশক্তি দুৰ্বল হৈ আহে ।দায়িত্যবোধ কমে আৰু খঙাল হব ধৰে । হতাশাগ্ৰস্ত আৰু আত্মহত্যাৰ প্ৰৱনতা আহিব পাৰে ।
১০। খালিপেটত ভাং খোৱাটো দেহৰ বাবে অত্যন্ত ক্ষতিকাৰক।

অনুৰোধ

নিজৰ কোনো ৰোগ আৰোগ্য হোৱাৰ বিশ্বাসত বা কাৰোবাৰ কথা শুনি ৰোগ অনুসৰি ভাঙৰ সেৱন বিধি , মাত্ৰা ,অনুপান নজনাকৈ জধে মধে যেতিয়াই তেতিয়াই  ভাং খাই নিজৰ দেহ ঘুণীয়া নকৰিব ।

পুনৰ কওঁ; ভাঙ বা গাঞ্জাক নিচাদ্ৰব্য হিচাবে অভ্যাসত নানিব ।
লিখনীটো পঢ়ি ভাল পালে জনসজাগতাৰ  স্বাৰ্থত অধিক শ্বেয়াৰ কৰিব ।
নমস্কাৰ

শ্ৰী যতীন দাস । মালয়বাৰী
কামৰূপ ম (অসম ) মে'২০১৮ইং

Post a Comment

0 Comments