windows কম্পিউটাৰ বা লেপটপত অসমীয়া কেনেকৈ লিখিব? How to write Assamese in windows


windows কম্পিউটাৰ বা লেপটপত অসমীয়া কেনেকৈ লিখিব?  How to write Assamese in windows?


যদি আপুনি বিছাৰি আছে how to write assamese in windows 7 বা how to write assamese in mobile
তেন্তে সঠিক উত্তৰত আহি পাইছে। তলৰ লেখাটো পঢ়ি আপুনিও ফেছবুক হোৱাটচএপত অসমীয়া (write assamese in facebook, write Assamese in whatsapp ) লিখিব পাৰিব। 
তদুপৰি write assamese in photoshop বা অন্যান্য ছফ্টৱেৰ যেনে Adobe pagemaker ৰ বাবে write assamese in Pagemaker ত অনায়াসে লিখিব পাৰিব। 

তদুপৰি how to write assamese in computer or how to write assamese in laptop ,   আপোনাৰ লেপটপ বা  assamese in windows 10 ৰ বাবে আপুনি একেই পদ্ধতি অৱলম্বন কৰক। 

microsoft word বা   Adobe photoshop ত আজিকালি  assamese font ফন্ট ব্যৱহাৰ কৰি বহুতেই ধুনীয়া assamese quotes  লিখে বা assamese quotes design কৰি আহিছে। Linux ব Ubuntu তো assamese লিখিবলৈ , কিছুদিন আগলৈ avro assamese keyboard লিখিব লগীয়া হৈছিল। যিখন assamese keyboard অসমীয়া লিখাৰ বাবে ইমান সহজ নাছিল। Lachit keyboard ৰে এই সকলো সফল কৰি তুলিছে। 


Best Assamese keyboard for windows



ৱিণ্ড’জ কম্পিউটাৰ বা লেপটপত অসমীয়া টাইপ কৰিবৰ বাবে এতিয়া আৰু আপুনি চিন্তাৰ কৰাৰ  প্ৰায়োজন নাই। অতি সহজ আৰু দ্ৰুতবেগী কী-ব’ৰ্ড লাচিতে  এতিয়া কামবোৰ আৰু সহজ কৰি তুলিছে ...

Lachit Phonetic 1.0 Assamese keyboard for laptop


Lachit Phonetic 1.0 Assamese keyboard খনত অতি সহজে আখৰবোৰ বিচাৰি পোৱা যায় আৰু ইংৰাজী ’কী’বোৰৰ লগত সংগতি ৰাখি (Phonetic) অসমীয়া আখৰ টাইপ কৰিব পাৰি ৷ সাধাৰণতে উপলব্ধ ফ’নেটিক কী-ব’ৰ্ডবোৰত এটা আখৰৰ বাবে কেতিয়াবা দুই-তিনিটা 'কী' টিপিবলগীয়া হয়৷ ইয়াত সেই সমস্যাটো নাই।
নতুন Concept লৈ সাজি উলিওৱা এই কী-ব’ৰ্ডখনত shift ৰ উপৰিও alt key টো modifier হিচাপে ব্যৱহাৰ হৈছে ৷ এটা বৰ্ণৰ প্ৰথম আৰু দ্বিতীয় ৰূপ আৰু মাত্ৰাবোৰ এটা গোটত ভৰাই দিয়া হৈছে আৰু এটা ’কী’তে টাইপ কৰিব পাৰি shift, alt আৰু alt + shift ব্যৱহাৰ কৰি৷ উদাহৰণস্বৰূপে, ে, এ, ৈ, ঐ - এইকেইটা বৰ্ণ/ মাত্ৰা ‘e’ 'কী'টোত পোৱা হ’ব আৰু যথাক্ৰমে, একো modifier নিটিপাকৈ, shift টিপি, alt টিপি আৰু alt + shift টিপি টাইপ কৰিব পৰা হ’ব৷ এই পদ্ধতিটোৱে আখৰবোৰ মনত ৰখাত সহায় কৰিব৷
যিহেতু অসমীয়া টাইপ কৰোতে Capslock 'কী'টোৰ ব্যৱহাৰ নহয়, এই 'কী'টো Backspace কৰি দিয়া হৈছে যাতে এই কীটো বেছি কামত আহে৷

কী-ব’ৰ্ডখনৰ লগতে লে-আউট ফাইল, আৰু ইনষ্টলৰ নিৰ্দেশনাও একে ঠাইৰ পৰা ডাউনল’ড কৰিব পাৰিব৷
কী-বৰ্ডখন সাজি উলিয়াইছে মৃদুল কুমাৰ শৰ্মাই
আৰু ল’গ’  ডিজাইন কৰিছে  ৰিতুপৰ্ণ বৰাই। ইয়াৰ লগতে বহুতৰ নানা চেষ্টা সহায় সহযোগিতাত, দিহা পৰামৰ্শৰে সৃষ্টি হৈছে লাচিত কিবোৰ্ড।

আহকচোন তলৰ দেখুওৱা ধৰণে আপুনিও  আপোনাৰ কম্পিউটাৰত Lachit Phonetic Assamese keyboard ইনষ্টল কৰি লওঁক।


১মে  তলৰ ডাউনলোডত ক্লিক কৰি লাচিত কিবোৰ্ড খন ডাউনলোড কৰি লওক।


এতিয়া  download ফোল্ডাৰত গৈ zip file টো extract কৰি লওঁক । তলত চাওঁক ।





Extract হেৱাৰ পিছত ফল্ডাৰটো খুলি
Lachit phonotic 1 নামৰ নীলা app টোত ক্লিক কৰক আৰু তলত দিয়া দৰে   ইনষ্টল কৰক।






ইনষ্টল হোৱাৰ পিছত ফটোত দেখুওৱা ধৰণে
Launch ত ক্লিক কৰক ।



এনেকুৱা এটা ডায়লগ বক্স খোলা খাব তাত yes ত ক্লিক কৰক ।


আপোনাৰ কম্পিউটাৰত লাচিত সুকলমে কিবোৰ্ড ইনষ্টল হৈ গ'ল।

বাৰু এতিয়া start menu ত গৈ notepad খোলক আৰু মুক্ত মনে অসমীয়া লিখক...



যদিহে অসমীয়া আখৰ বোৰ বিছাৰি পোৱাত অসুবিধা হৈছে তেন্তে ডাউনলোড ফল্ডাৰটোত এটা layout বুলি pdf আছে সেয়া খোলক।



ফেচবুক/হোৱাটচএপত শ্বেয়াৰ বুটামটোত ক্লিক কৰি হোৱাটচএপ/ফেচবুকত শ্বেয়াৰ কৰক ।আৰু আন দহজনকো পঢ়াৰ সুবিধা দিয়ক

Post a Comment

0 Comments