বিষ হৰনকাৰী পচতীয়া গছৰ গুণাগুণ

               


  বিষ হৰনকাৰী পচতীয়া  গছৰ গুণাগুণ

শ্ৰী যতীন দাস।

             অসমৰ বাটে পথে সহজলভ্য ১০-১৫ ফুট ওখ (৫পতীয়া) "পচতীয়া গছ " প্ৰায় সকলোৰে চিনাকী । গৰুছাগলীয়ে নেখায় বাবে গাঁৱত সচৰাচৰ বাৰীত বেৰ দিয়া কামত ব্যৱহাৰ কৰে । সেয়ে ইংৰাজীত ইয়াক ফেঞ্চিং প্লেন্ট বা গাৰ্ডেন ফেঞ্চিং বা বাউন্ডেৰী ফেঞ্চিং প্লেন্ট বোলে । দেশভেদে ইয়াৰ কেবাটাও জাত আছে যদিও ভাৰতত বগা আৰু ঈষৎ নীলা জাতৰ পচতীয়াহে দেখা যায়।  
গুটি -- কজলা বা ক'লা ৰঙচুৱা সৰু সৰু শিমলুগুটি আকৃতিৰ ।
সাধানৰতে বিষ বেমাৰত ইয়াৰ ডালপাতেৰে জৰা ফুকা বা পাত সিজাই গা ধুওৱা দেখা যায়
আজিকালি যিকোনো বিষবেমাৰ নোহোৱা লোকৰ সংখ্যা হয়তো কমেই ওলাব । আধুনিক চিকিত্সা বিজ্ঞান তথা বিষনাশক ঔষধ সমুহৰ ব্যৱহাৰে বিষ মুক্ত কৰাৰ বিপৰীতে পাৰ্শ্বক্ৰিয়া জনীত বিভিন্ন দুৰাৰোগ্য ৰোগৰহে বাট দেখুৱাই আহিছে ।সম্ভৱতঃ আজিৰ দৰৱৰ ৰমৰমীয়া বজাৰত বিষৰ দৰৱে আগস্থান পাইছেগৈ । সৰুসুৰা ৰোগ বিষত সহজতে পোৱা (পেইন কিলাৰ)পিল বা বেজিটোৱে কি ভয়ানক ৰোগ মাতিব পাৰে সেইবোৰ ভাবিবৰ কাৰো আহৰি নাই। তাতোকৈ ভয়ানক একেটা বিষত ইটো এৰি সিটো দৰৱ খোৱাটো ।

            অসমৰ হাবিত বিষহৰণকাৰী বিভিন্ন বনদৰৱৰ ভিতৰত এবিধ উল্লেখযোগ্য পাৰ্শ্বক্ৰিয়াহীন নিৰ্ভৰযোগ্য সহজলভ্য বনদৰৱ হল - পচতীয়া । সংস্কৃতত- নিৰ্গুন্ডী , হিন্দীত-নিৰ্গুন্ডী, নিগৰী,সম্ভলা ,বঙালি- নিশিন্দা ,ইংৰাজী-Indian privet বৈ:নাম:- Vitex Negundo Linn.

 পচতীয়াৰ_ব্যবহাৰ 

                পচতীয়াৰ ব্যৱহাৰ বা বহলভাৱে নজনাৰ একমাত্ৰ কাৰন হ'ল - ইযাৰ তিতা ,কেহা,জলা আৰু অকতা উগ্ৰ গোন্ধ । কিন্তু প্ৰকৃতিৰ এনে তিতা কেহা বনদ্ৰব্যৰ মাজতে থাকে জীৱন-দায়িনী মহৌষধী । পচতীয়াৰো আমাৰ দেহৰ ৫০ বিধৰো অধিক ৰোগৰ কল্যানকাৰী গুণ আছে যাক আমি বহুতেই নাজানো বা অনাদৰ কৰি আহিছোঁ ।পচতীয়াৰ ফুল, বীজ,পাত, ডাল বা শিপা সকলো অংশই ঔষধী ।
 খোৱাৰ_মাত্ৰা 
              ৫টা কেচা পাত বা ইয়াৰ চাল বা শিপা ৫ৰ পৰা ১০গ্ৰাম সৰুকৈ কাটি বা থেতেলি এগিলাচ পানীত উতলাই আধা শুহি গলে চাহৰ নিচিনা খাব । অন্দাজমতে নিমখ দিব পাৰে ।
বা পাতৰ ৰস ১-২চা, শিপা বা গা-গছৰ চালৰ ৰস আধা চামুচৰ পৰা ১চা : উতলা গৰম পানীত মিলাই খাব পাৰে নাইবা ফুল , বীজ ,পাত,ডাল বা শিপাৰ চালৰ শুকান ৩-৫ গ্ৰাম চুৰ্ণ পানীত উতলাই আধা বা এক চতুৰ্থাংশ থকাত ঠান্ডা কৰি খাব ।

গুণাগুণ :

          পচতীয়া বিষনাশক , প্ৰস্ৰাৱ কাৰক, কৰ্কত ৰোগৰ প্ৰতিষেধক , ভাইৰাচ আৰু বেক্টেৰীয়া জনীত ৰোগ প্ৰতিৰোধক, মেধা, স্মৃতি আৰু অগ্নিবৰ্ধক, বাত পিত্ত কফ আদি ত্ৰিদোষ নাশক,জৰ ,কৃমি ,প্লীহা ,যকৃত দোষ নাশক । কুষ্ঠ, মেদ, , চৰ্মৰোগ, সন্ধিবাত,গলৰ ৰোগ ,স্বাস ৰোগ আদি নানা ৰোগৰ মহৌষধী ।

১। মুৰৰ_বিষ হলে পচতীয়া পাত গাৰুৰ তলত বা ওচৰত গোন্ধ পোৱাকৈ ৰাখিলে, বা কপালত ইয়াৰ পাত থেতেলি বান্ধি ৰাখিলে, বা পচতীয়া পাতৰ শুকান গুৰি শুঙিলে বা পচতীয়া পাত উতলোৱা পানীৰ ভাপ নাকেৰে ললে নাইবা ৫-৬টা পাত উতলাই কিচু নিমখ মিহলাই চাহৰ নিচিনা খালে সোনকালে আৰোগ্য হয় ।
২। সৰ্ব_শৰীৰত_বিষ যিকোনো কাৰনতেে নহওক ওপৰত উল্লেখ কৰামতে খোৱাৰ উপৰি শোৱতে বিচনা চাদৰৰ তলত পচতীয়া পাত চতিয়াই শুলে যথেস্থ আৰাম পায় । লগতে পচতীয়া পাত সিজোৱা পানীৰে গা ধুব লাগে । পচতীয়া তেলেৰে ( নিৰ্গুন্ডী অইল) গা মালিচ কৰিলে সোলকালে আৰোগ্য হয় ।
 পচতীয়া_তেল_প্ৰস্তুত_প্ৰণালী
২০০ মিলি লিঃ খাটি সৰিয়হ তেলত প্ৰায় ১০০ গ্ৰাম পচতীয়া পাত ,বীজ, চাল আদি থেতেলি বা শুকান চুৰ্ন কম তাপত( দেই নোযোৱাকৈ) ভাজি তেল খিনি চেকি বটলত ভৰাই থব । শৰীৰৰ যিকোনো বিষ , , গাঠি বিষ , বাতবিষ ,জলাপোৰা, ফুলি উঠা, ন-পুৰনি যিকোনো ঘা , ফোহোৰা , খজুৱতি , পকতীয়া, আদি নানা সমস্যাত এই তেল লগালে বা মালিচ কৰিলে সহজে উপসম হয় । পতঞ্জলি_আয়ুৰ্বেদিক_ফাৰ্মাচীত নিৰ্গুন্ডী_অইল নামেৰে পোৱা যায়

৩। জৰ,সৰ্দি কাহ, চায়েনাচাইটিচ, গাৰ বিষ , শ্বাস কষ্ট , আদিত ওপৰোক্ত ধৰনে ব্যৱহাৰ কৰিলে সোনকালে আৰোগ্য হয় । পচতীয়া সিজোৱা পানীত জালুক বা পিপলী মিহলাই কুলকুলিয়ালে আৰু অলপ অলপকৈ খালে আৰু নাকেৰে নস্য বা ভাপ ললে খুবেই ভাল ফল দিয়ে ॥
কিছু লোকৰ সঘনাই সৰ্দি লগা , জৰ, মুৰৰ বিষ, # এলাৰ্জী আদি হৈ থাকে। তেনে লোকে নিয়মিত দীৰ্ঘদিন পচতীয়াৰ পানী খালে আৰু প:তেলেৰে গা মালিচ কৰিলে আৰোগ্য হয় ।
৪। মোচোকা খাই বা দেহৰ কোনো অংগত বিষ আৰু ফুলি গলে পচতীয়া পাত জুইত কিছু সেক দি কাপোৰেৰে বন্ধাৰ উপৰি দিনে দুবাৰ চাল বা পাতৰ উতলোৱা পানী খালে বিষ কমে । দ্ৰুত আৰোগ্যলাভৰ বাবে ১-২ ঘন্টাৰ পিছত বন্ধা পাত সলনি কৰাব ।
৫।দাঁতৰ_বিষত ইয়াৰ কুমলীয়া ঠাৰিৰে দাঁত মাজিলে নাইবা পাতৰ ৰস মুখত কিছুসময় ললে বা উতলাই সেই পানীৰে কুলকুলিয়ালে বিষ কমে । কিছু পানী খাবও পাৰে । এনে কৰিলে # গলৰ_বিভিন্ন_ৰোগ , # মুখৰ_দুৰ্গন্ধ , চাল উঠা , উপসম হয় ।
৬। # কানৰ_বিষ_বা_পকি_পুজপানী_ওলালে
পচতীয়া পাতৰ ৰস চেকি সাধাৰন গৰম কৰি টোপ টোপকৈ দিলে উপসম হয় বা সৰিয়হ তেলত পচতীয়া পাত ভাজি দুটোপ দিলে কানৰ যিকোনো ৰোগৰ সমস্যা দুৰ হয় ।
৭। পুৰুষৰ অন্ডকোষ ফুলিলে পচতীয়া খোৱাৰ উপৰি পাতৰ লেপ বা প:তেল দিনে দুই তিনিবাৰ লগালে অৰাম পায় ।
৮। # পেটফুলা, # চায়েটিকা # অৰ্থৰাইটিচ আদি ৰোগত পচতীয়া পাতৰ পোৰা ছাঁই ৩--৫গ্ৰাম পানীত তিয়াই থৈ চেকি খালে উপসম হয় । লগতে প: তেল মালিচ কৰিব ।
৯। # পাচন_ক্ৰিয়াৰ_দুৰ্বলতাৰ বাবে হব পৰা অজীৰ্ণ, ভোক নলগা,বদহজম আদি পেটৰ নানা ৰোগত পচতীয়াৰ পানী নিয়মিত খালে উপসম হয়
১০। # ৰক্তপিত্ত_ৰোগত নাক মুখ বা শৌচ প্ৰস্ৰাৱত তেজ গলে পচতীয়াৰ কোমল পাাত কিছুদিন ঘীৰে ভাজি খালে (শাকৰ নিচিনা) সোনকালে আৰোগ্য হয় ।
১১। মিচিৰি আৰু পচতীয়া ৰস পানী মিহলাই খালে প্ৰস্ৰাৱ খোলোচা হয় ।
১২। # চৰ্মৰোগজনীত_ব্ৰন ,দুষ্টব্ৰন, পকতীয়া খুজলী, বেহুচ , হাত ভৰিৰ আঙুলি চেপত হোৱা ঘা বা বোকাপানীয়ে খোৱা আদি ৰোগত পচতীয়াৰ শিপা আৰু পাত থেতেলি তিল তেলত কিছুসময় কম তাপত ভাজি সেই তেল দিনে ২-৩বাৰ লগালে নিৰাময় হয় বা ওপৰত বৰ্নোৱা "পচতীয়া তেল "ঘহিব পাৰে ।
১৩। # সৰু_পানীকেচুৱাৰ_সঘনাই_ৰোগ হৈ থাকিলে মাজে মাজে গা ধোৱা পানীত কেইখিলামান পচতীয়া আৰু তুলসী পাত তিয়াই ধুৱালে ৰোগ কমে ।
১৪। # মেদবহুলতাৰ_বাবে শুকান পচতীয়া পাতৰ গুৰি আধা বা এক চামুচ উতলাই চাহৰ নিচিনা নিয়মিত খালে ভাল ফল পায় ।
১৫। # গ্ৰহনী_ৰোগত ভীমকলৰ লগত শুকান পচতীয়া চুৰ্ন ২-৩ গ্ৰাম খালে সোনকালে আৰোগ্য হয় ।
১৬। # চুলি সৰা_বা_টকৌৱে_খোৱা ৰোগত পচতীয়াৰ শিপা বা পাত নাৰিকল তেলত ভাজি সেই তেল মুৰত নিয়মিত ঘহিলে আৰোগ্য হয় আৰু নতুন চুলি গজে ।
১৭। শ্বাস_ৰোগ_হাপানি , পুৰনি জৰত পচতীয়াৰ শিপা বা চুৰ্ন আৰৈ চাউলেৰে বতি খালে আৰাম পায় ।
১৮। পচতীয়া পাত ঘীত ভাজি খালে
বলশক্তি_মেধা_আৰু_স্মৃতিশক্তি বৃদ্ধি হয় ।
১৯। পচতীয়া বীজানুনাশক । এই গছে ৰোগৰ বীজানু নাশ কৰাৰ লগতে ইয়াৰ সুৱাসে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায় । সেয়ে বাৰীত বা ঘৰৰ ওচৰত পচতীয়া গছ থকাতো ভাল ।
২০। সন্ধিয়া পচতীয়া আৰু নিম পাতৰ ধোৱা দিলে # মহ_কমে আৰু ৰোগ বীজানু দুৰ হয় ।

হানিকাৰক গুণ

১। পাৰ্শ্বক্ৰিয়া নিচেই কম যদিও অধিক মাত্ৰাত বা নিৰোগী লোকে সঘনাই খোৱাতো হানিকাৰক।
২। ৩-৪ বছৰৰ সৰু লৰাছোৱালীৰ বাবে কিছু হানিকাৰক । বাহ্যিক প্ৰয়োগ কৰাব পাৰে ।
৩। পচতীয়া অগ্নিবৰ্ধক ।সেয়ে অধিক গৰম বোধ কৰা ব্যক্তিয়ে সঘনাই নেখাব ।
৪। গৰ্ভৱতী মহিলা , চাৰ্জাৰী বা অস্ত্ৰোপচাৰ কৰা ৰোগীয়ে নাখাব আৰু কোনো জটিল ৰোগত আক্ৰান্ত ৰোগীয়ে চিকিত্সকৰ পৰামৰ্শ নোলোৱাকৈ নাখাব ।


বন্ধুসকল,আমি সদায়ে দেখি থকা অনাদৃত পচতীয়া গছৰ কিমান গুণ দেখিলেনে ? গতিকে বাৰীত বা ঘৰৰ ওচৰত পচতীয়া গছ নিশ্বয় ৰুব । ডাল পুতিলে খুব সহজে গজে ।নিৰোগী হলেও মাজে মাজে পচতীয়া চাহ নাইবা পাত বা শুকান গুৰিৰ তৰকাৰি বনায়ো খাব পাৰে । 

শ্ৰী যতীন দাস। মালয়বাৰী
কামৰূপ-ম(অসম)

( বিঃদ্ৰঃ - তলৰ 👇🏻 হোৱাটচএপত /ফেচবুক শ্বেয়াৰ বুটামটোত ক্লিক কৰি হোৱাটচএপ/ফেচবুকত শ্বেয়াৰ কৰক ।আৰু আন দহজনকো পঢ়াৰ সুবিধা দিয়ক...

Post a Comment

0 Comments