"এপাহি পদূম পাহি"



"এপাহি পদূম পাহি"


  তোমাৰ হাঁহিত সৰিছিল মুকুতাৰ মণি, 

 তোমাৰ চাৱণিতে কপি উঠিছিল 

 সদ‍্য ব‍্যস্ত কৰ্ম স্থলী,

 দুচকুত কাজল সনা নয়নেৰে 

 নিৰ্জন আবেলিতে 

 কৃষ্ণ চুড়াৰ তলে তলে 

 ষোড়শী গাভৰু হৈ 

 নাচি বাগি ওমলা সকলোৰে 

 আজিও মনত পৰে। 

 তোমাকেই আশা দি কোনোৱে 

 বিশ্বাস হেৰুৱালে ,

 হয়তো আন কোনোৱে 

 হৃদয় ভাগিলে, 

 ভগ্ন হিয়া ,অশ্ৰুসিক্ত নয়নেৰে 

 অসহায়া আউলী বাউলী 

 তুমি এতিয়া মাথোঁ নিৰস

 উষ্ম এটুকুৰা কঠিন শিলৰ টুকুৰা

 প্ৰচণ্ড ভোলেকেইন ,ধুমুহাহা ,চুনামিত 

 তোমাক আশ্ৰয় দিবলৈ

 হবনে কাৰোবাৰ আহৰি! 

 সৌ যে ওখ বৃহৎ গছজোপা দেখিছা? 

 শুনিছোঁ হৃদয়বান বুলি! 

 সেয়ে হয়তো ডাল পাত মেলি 

 ৰৈ আছে হেঙুলীয়া আবেলি 

আশ্ৰয় দিবলৈ তোমাক দুহাত মেলি! 

 কাৰন তুমি যে এতিয়াও নিস্পাপ 

এপাহি সৰু পদূমৰ পাহি !!


# ডাঃ প্ৰণৱ শৰ্মা, ২৫/৯/২০১৮. 

Post a Comment

1 Comments