মই যেন সম্পূৰ্ণভাৱে তাইক পাহৰি যাওঁ.


আচৰিত হও ...বুকু তোলপাৰ কৰি অস্বাভাৱিকভাৱেই তাইলৈ মনত পেলাই দিয়ে..! প্ৰাণপণে চেষ্টা কৰি থাকোঁ মই যেন সম্পূৰ্ণভাৱে তাইক পাহৰি যাওঁ..! ছেইঞ্জ নহয় মন, তাৰ পৰিৱৰ্তে কষ্ট হওঁক তাই আহিবই জোৰকৈ মোৰ মনলৈ..! কিহৰ কাৰণে এবাৰ দুবাৰ নহয় প্ৰতিবাৰেই তাইৰ কথা মনলৈ আহে ..? এৰা, তাইৰ কথা একমূহুৰ্তৰ বাবে ভবাৰ মোৰ সীমাবদ্ধ নাছিল..! তাই আছিল মোৰ নিজস্ব সপোন ..! এতিয়াহে কিবা এটা ঘটিছে..! তেতিয়া প্ৰতিটো কথা সঁচা আছিল ..! বহু কথাই বুকুত জমা আছে মোৰ..! হাস্যময়ী জীৱনে নিঃশব্দে আঁতৰি যায়..! সেইদিনাৰ পৰাই অসহায় আকুলতা স্বাভাৱিক উদাহৰণ মোৰ..! মই কোন যুগৰ মানুহ..? হোটেল-ৰেস্তোৰাঁ , এপাৰ্টমেণ্টবোৰ দেখিলে নামবোৰ পঢ়িব খুজি ৰৈ থাকোঁ..! কত মানুহে ঘূৰি চাই মোক..! মই কিহৰ আশাত বন্দী..! মইতো কাকো অন্যায় কৰা নাই..! তথাপিও মানুহে মোক চাই..! মূৰৰ চুলি ঠিক কৰোঁ..! চিৰ জীৱনলৈ এনেকৈ থাকিম নেকি.? দুখোজ পিচুৱাই আকৌ খোজ কাঢ়োঁ..! মন নাযায় অকলে অকলে খোজকাঢ়িবলৈ ..! ফুৰফুৰীয়া বতাহ এজাকে মোক চুই যায়..! মনৰ ভিতৰতে গান গাব খোজো..! তথাপিও কঁপি উঠো অনমনা হওঁ..! বাৰে বাৰে উভতি যাওঁ পুৰণি কথাবোৰলৈ ..! এখন প্ৰকাণ্ড পাহাৰ, য'ত খোজ কাঢ়ি গৈ থাকোঁতে বাৰে বাৰে উজুটি খাইছো তাইৰেই কথা ভাবি..! কেৱল উজ্জ্বল আকাশৰ জোনটোৱে দেখিছে ওপৰৰ পৰা , আৰু কোনেও দেখা নাই এই কথাবোৰ মোৰ ..!

ইশান্ত প্ৰিয়ম গোস্বামী