গল্প-আপুনি আনক যেনেকুৱা কৰিব , সেয়া আপোনাৰ কাষলৈ এদিন হলেওঁ উভতি আহিব।


গাওঁৰ দৰিদ্ৰ কৃষক এজনে গাখীৰৰ পৰা মাখন তৈয়াৰ কৰি চহৰত বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰিছিল। প্ৰতি সপ্তাহৰ দৰে সেইদিনাও তেওঁৰ ঘৈণীয়েকে তৈয়াৰ কৰা মাখনখিনি চহৰত বিক্ৰী কৰিবলৈ লৈ গল।
 মাখনবোৰ গোল আকৃতিত প্লাষ্টিকৰৰ পেকেটত ৰখা হৈছিল। প্ৰতিটো পেকেটৰ ওজন আছিল এক কেজি। চহৰ পায়েই কৃষকজনে সেই দোকানখনত সোমাল যিখন দোকানত তেওঁ মাখন বিক্ৰী কৰে আৰু তাৰ পৰিবৰ্তে দাইল চেনি তেল কিনি লয়। সিদিনাও তেঁও চেনি, তেল, চাবোন মছলা ইত্যাদি কিনি ললে। 

 কৃষকজন গুচি যোৱাৰ পিছত দোকানীজনে মাখনখিনি ফ্ৰিজত ৰখাৰ সময়ত মনত এটা ভাব আহিল ! তেওঁ মাখনৰ ওজন সঠিক আছেনে জানিবলৈ ওজন জুখিবলৈ ধৰিলে। ওজন কৰোতেই দেখিলে আচলতে মাখনৰ ওজন ১কেজি নহয়। ৯০০ গ্ৰাম হে আছে। তেওঁ খঙত টিঙৰি তুলা হৈ পৰিল। 

 পুনৰ কেইদিনমান পিছত যেতিয়া কৃষকজন আহি তেঁওৰ দোকানত সোমাল তেওঁ চিঞৰিবলৈ ধৰিলে। 
"মোৰ তাত বিক্ৰী কৰিবলৈ নাহিবি আৰু। মুৰ্খ বনাই মোৰ বহুত টকাৰ লোকচান কৰিলি। ওজনত ঠগোৱা মানুহৰ সৈতে মই বেপাৰ নকৰো। মাৰ ইয়াক সকলোৱে " 
 দোকানীজনে কৃষকজন চোলাটোত ধৰি টানি বাহিৰলৈ উলিয়াই দিলে। হাহাকাৰ শুনি সেই ঠাইত কেইজনমান মানুহ জুম বান্ধিলে। দুজনমানে কৃষকজনক মাৰিবলৈ আগবাঢ়ি আহিল।

 কৃষকজনে বিনম্ৰভাবে ভয়ে ভয়ে কলে , ”দাদা! মোৰ ওপৰত খং নকৰিব। মই বহুত দুখীয়া মানুহ। ভাল দগাপাল্লা মোৰ ঘৰত নাই সেইবাবেইতো প্ৰতিবাৰে যে আপোনাৰ পৰা ১ কেজি দাইল, চেনি কিনি নিও সেয়াই মোৰ কাঠৰ পাল্লাখনৰ এটা মুৰত ৰাখি আনটো মুৰত মাখন ৰাখি ওজন কৰি লৈ আনো "

 " এতিয়া যদি আজিও আপুনি ১ কেজি দালিত ১০০ গ্ৰাম কমকৈ মোক বিক্ৰী কৰে তেন্তে মই কেনেকৈ মাখনৰ সঠিক ওজন জুখিম কওকচোন??? .. 


 নীতিশিক্ষা - "আপুনি আনক যেনেকুৱা কৰিব , সেয়া আপোনাৰ কাষলৈ এদিন হলেওঁ উভতি আহিব। সেয়া সন্মান হওক, ঘৃণা, নতুবা প্ৰতাৰণাই হওঁক ।

 #ভাবানুবাদ

 #আপুনি যদি পেজত আপোনাৰ গল্প দিব বিছাৰে আমাক ইমেইল কৰক swapniljonak@gmail.com


#গল্পটো ভাল লাগিল যদি তলৰ হোৱাটচএপ বা ফেচবুক মেছেঞ্জাৰ বুটামটোত ক্লিক কৰি বাকী দহজনকো পঢ়িবলৈ দিয়কচোন। 👇🏻👇🏻👇🏻