সেই গাওঁখন -এক অবিশ্বাস্য অভিজ্ঞতা-মিষ্ট্ৰিয়াচ নাইট-6-Assamese horror story




সেই গাওঁখন

( এক অবিশ্বাস্য অভিজ্ঞতা ) assamese horror story - হেমন্ত দাস

বানপানীৰ বতৰ ৷ চনটো খুুউব সম্ভৱ 2004 ৷ তেতিয়া মই চাকৰিত জইন কৰিবৰ মাথো দুই নে তিনিবছৰহে হৈছে ৷ আমাৰ চাকৰিৰ বৃহৎ সমস্যাটো হ'ল ছুটী নোপোৱাটো ৷ চাকৰিৰ কোনো নিৰ্ধাৰিত সময় বা স্হানো নাথাকে (কিছু সদাশয় পাঠকৰ এনেধৰণৰ চাকৰিৰ অভিজ্ঞতা থাকিব পাৰে) ৷ ছুটী একেবাৰে নাপাও ৷ ইপিনে হাতত কোনো প্ৰজেক্টো নাই ৷ নতুন দিল্লীৰ কেবিনেট চেক্ৰেটেৰীয়েতৰ এ চি কোঠাত বহি হামিয়াই হিকুটিয়াই সময় পাৰ কৰিছো ৷ ইপিনে মোৰ মাৰ সদায় ফোনকলৰ ওপৰত ফোনকল ৷ গোটেই অসমৰ লগতে আমাৰ হাজো অঞ্চলতো ভীষণ বানপানী ৷ আমাৰ ঘৰ বাৰী পানীত বুৰ গৈছে ৷ গতিকে ঘৰৰ একমাত্ৰ ল'ৰা হিচাপে মই মা দেউতাৰ কাষত থকাটো মায়ে বিচাৰিছে ৷ মোৰো মনটো ইচপিচাইছে ৷ জানিব পাৰিলো দুসপ্তাহ পিছত প্ৰধান মন্ত্ৰীৰ অসম ভ্ৰমণৰ বাবে স্হানীয় ল'ৰা হিচাপে এসপ্তাহ আগতেই মোক পৰিস্হিতি অধ্যয়ন কৰি ৰিপ'ৰ্ট পঠাবলৈ অসমত পঠাবলৈ নিৰ্দেশ আহিছে ৷ চিনিয়ৰক পতাই সময়তকৈ তিনিদিন আগতে আহি পোনে পোনে নিজ গাওঁ পালোহি ৷ গোটেই অঞ্চলটোত মানুহ বুলিবলৈ কোনো নাই ৷ স্হানীয় মানুহ খিনিয়ে ওচৰৰ পাহাৰৰ টিলা এটাত বাহৰ পাতিছে ৷ গধুলি চাহ পানী খায় টিলাটোৰ সমান ঠাই অকমানত বহি ৰাইজৰ লগত কথা পাতিছো ৷ তেওঁলোকৰ কথা বতৰাৰ পৰা বুজিব পাৰিলো যে কথা বিষম ৷ ভুতৰ ভয়ত ৰাইজ কম্পমান ৷ কাৰণ পোন্ধৰ দিনত বানপানীত অঞ্চলটোৰ আঠ জন তজবজীযা ডেকাৰ পানীত পৰি মৃত্যু হৈছে ৷ গতিকে বানপানীৰ লগতে অঞ্চলটোলৈ ভুত উটি আহিছে বুলি ৰাইজ নিশ্চিত হৈছে ৷ ফলত ফুট গধুলিতে ৰাইজ ভয়ত জোপোকা লাগি কেম্পত খোমায় থাকে ৷ এই সুযোগতে প্ৰথম অৱস্হাত কিছু চোৰ প্ৰবৃত্তীৰ আৰু মৰসাহসী লোকে মানুহৰ সা সম্পত্তি লুটিছিল যদিও এদিন সিহঁতৰ মাজৰ দুজনৰ এঘৰৰ চ'ৰা ঘৰত মৃতদেহ উদ্ধাৰ হোৱাৰ পিছৰ পৰা তেনে সাহস দ্বিতীয়বাৰ কোনেও কৰা নাই ৷ এয়া কোনো ভুতৰ কাম নহয় বৰঞ্চ দুৰ্ঘটনাৰহে ফল বুলি মই বিভিন্ন প্ৰকাৰে ৰাইজক বুজনি দিও সৈমান কৰাব নোৱাৰিলো ৷ ৰাইজৰ ভাষাত যিহেতু গাওৰ ল'ৰাই দেশে বিদেশে ঘুৰি ভুত খেদি মানুহৰ মংগল সাধিছে গতিকে নিজৰ মানুহখিনিকো ৰক্ষা কৰিব লাগে ৷ ইপিনে মোৰ হাতত উক্ত ইনেভেস্টিগেচনৰ বাবে মাথো তিনিদিন হে সময় ৷ 
পেৰানৰ্মেল চ'ছাইচিৰ প্ৰেচিডেণ্ট মি়· উইলিয়ামক সকলো কথা জনাই ৰাতি মেইল পঠায় ইনভেষ্টিগেচনৰ অনুমতি ল'লো ৷ 
পিছদিনা দহ বজাত মোৰ বাৰ জনীয়া টীম মেম্বাৰসকল ডেৰাডুনৰ পৰা আহি পালে ৷ লগে লগে সকলো কামত লাগি গ'লো ৷ টীম মেম্বাৰ মিথিলেচ আৰু মই এখন টুলুঙা নাওত উঠি আবেলি অঞ্চলটো পৰিভ্ৰমণ কৰিলো ৷ বাকীবোৰ টীম মেম্বাৰে গাওঁৰ ডেকা সকলৰ সহযোগত ডাঙৰ ডাঙৰ কল গছেৰে ভুৰ সজাত লাগিল ৷ 
ৰাতি 12 বাজি চল্লিশ মিনিটত আমাৰ ইনভেষ্টিগেচনৰ সামগ্ৰী সমুহ এঘাৰ খন সৰু সৰু ভুৰত স্হাপন কৰি পানীত বতাহৰ দিশত এৰি দিয়া হ'ল৷ টীম মেম্বাৰ ৰাজেশ আৰু অবিনাশক মেইন কণ্ট্ৰল বোৰ্ডৰ ওচৰত থৈ এক বজাত পাঁচখন ভুৰত উঠি বাকীবোৰে যন্ত্ৰ সজ্জিত ভুৰবোৰক লক্ষ্য কৰি গৈ থাকিলো ৷ দহমিনিটমান ইপিনে সিপিনে ঘুৰি ফুৰাৰ পিছত হঠাৎ ক্ষন্তেক সময়ৰ বাবে জিঅফ'ন ভাইব্ৰেচন ডিটেক্টৰটোৱে চিগনেল ৰিচিভ কৰিলে ৷ আমি ইনফ্ৰাৰেড লাইটৰ সহায়ত ইজনে সিজনক সাৱধান হ'বলৈ সংকেত দিলো ৷ 
ৰাতি দুই বজালৈ আমি অনাই বনাই ঘুৰি ফুৰিলো ৷ স্পিৰিটৰ কোনো শুং সুত্ৰই নাপালো ৷ কিন্তু দুই বাজি দহ মিনিট মান যোৱাত আন্ধাৰৰ মাজেৰে চপ চপ শব্দ এটা ভাহি আহিল ৷ যেন আমাৰ যন্ত্ৰ সজ্জিত ভুৰ এখন কোনোবাই বঠা মাৰি আমাৰ পৰা আঁতৰাই নিব ধৰিছে ৷ আমাৰ লগত থকা কোনো যন্ত্ৰই যিহেতু কোনো সংকেট দিয়া নাই গতিকে নিশ্চিত ভাৱে এয়া কোনো চোৰৰ কাম বুলি শব্দৰ উৎসৰ পিনে হাতৰ টৰ্চ লাইটৰ পোহৰ মাৰি পঠালো ৷ লগে লগে ভয়ত বুকু কপি উঠিল ৷ ক'লা ছাঁ এটাই ভুৰ খনত বুকু পাৰি শুই দুহাতেৰে পানীত বঠা মাৰিছে ৷ গাত পোহৰ পৰাৰ লগে লগে ভীষণ শব্দ কৰি সি পানীত জাপ মাৰিলে ৷ টীম মেম্বাৰ মিথিলেচে মোৰ হাতত খামুচি ধৰিলে ৷ স্পিৰিটৰ উপস্হিততো আমাৰ যন্ত্ৰই কাম নকৰা দেখি বুকুত ভয় ভাব এটাই বাহ ল'লে ৷ পেৰানৰ্মেল চ'ছাইটীৰ নিয়ম ভংগ কৰি কোনো ধৰণৰ ৰিচাৰ্চ নকৰাকৈ এই আন্ধাৰ নিশা পানীৰ মাজলৈ আহি মুৰ্খামী কৰা নাইটো বুলি নিজকে সুধিলো ৷ আমাৰ তিনি নম্বৰ ভুৰখনৰ টীম মেম্বাৰৰ চি়ঞৰ বাখৰত মোৰ চিন্তাত যতি পৰিল ৷ তেওঁলোকৰ ভুৰখন হঠাৎ বিদ্যুত গতিৰে পাঁচমিটাৰমান সো সোৱাই আতৰাই নি কিহবাই যেন ভুৰখন জোকাৰি সিহঁতক পানীত পেলাবলৈ যত্ন কৰিছে ৷ দুয়ো পানীত নপৰিবলৈ ভুৰখনৰ ৰচিত ধৰি প্ৰাণপণে যঁুজ দিছে ৷ আমাৰ ভুৰখন ত'তাতৈয়াকৈ গৈ সিহঁতৰ কাষ পোৱাত বস্তুটো যেন আঁতৰি গ'ল৷ মাথো এক মিনিট মানৰ নিৰৱতা ৷ তাৰ পিছত পানীৰ মাজেৰে কিবা এটা যেন ঢৌ মাৰি ইপিনে সিপিনে গৈ জপিয়াই ফুুৰিছে ৷ নিৰৱ দৰ্শক হোৱাৰ বাহিৰে আমাৰ কৰিবলৈ একো উপায় নাছিল ৷ ৷ গতিকে নিৰুপায় হৈ টৰ্চ জ্বলাই আমি ভুৰত বহি থাকিলো ৷ 
" চাৰ, বাওপিনে চাওক" , মই বেগৰ পৰা ই এম এফ মিটাৰটো উলিয়াই স্পিৰিটৰ লগত যোগাযোগৰ চেষ্টা চলাব লওতেই মিথিলেচে মোক কাণে কাণে ক'লে ৷ যি দেখিলো মই নিজৰ চকুকেই বিশ্বাস কৰিব নোৱাৰিলো ৷ আস! চকুৰ সমুখত কি এক সাংঘাটিক দৃশ্য ৷ পানীৰ মাজৰ পৰা তিনিটা ছাঁয়া মুৰ্তি উঠি আহিছে ৷ এটা গেলি উৱলি যোৱা উলংগ মানৱ দেহ পানীৰ মাজেৰে টানি আনি সিহঁতে আঠ নম্বৰ ভুৰ খনৰ তলত সোমোৱালৈ যত্ন কৰিছে ৷ মৃতদেহটোৰ পেটতো ফুলি ঢোল যেন হৈ আছে ৷ এক মুহুৰ্তত সিহঁতৰ মাজৰ এটাই মৃতদেহৰ পেটটো ফালি পেলালে ৷ পেটত হাত সোমায় তিনি চাৰি মহীয়া অপৈনত ভ্ৰুণ এটা উলিয়াই আনিছে ৷ এটা ছাঁ মুৰ্তীয়ে সেই ভ্ৰুণটো সাৱটি লৈ কিছুসময় পানীত আস্ফালন কৰি পানীত বুৰ মাৰিলে ৷ লগৰ ছাঁয়া মুৰ্তীটোৱে মৃতদেহটোৰ হাত ভৰিবোৰ বিভিন্ন ভংগীত ৰাখি কিছু সময় থৰ হৈ চাই আকৌ ভংগী বদলাই দিলে ৷ আমাৰ এনে লাগিল যেন সি মৃতদেহটোৱে পানীত পৰাৰ পিছত বাচিবলৈ চেষ্টা কৰি থকা অৱস্হাতে মৃত্যু হোৱা ভংগী এটা বনাবলৈ চেষ্টা কৰিছে ৷ তাৰ মানে সঁচাকৈয়ে আঠজনকৈ ডেকাৰ দুৰ্ঘটনা বশত পানীত পৰি মৃত্যু হোৱা নাছিল ৷ ই এক নিখুত হত্যাকাণ্ডহে আছিল ৷ অতীতত দেখা পোৱা পানীত পৰি মৃত্যু হোৱা শবোৰৰ ছবি চকুত ভাহি উঠিল ৷ সিহঁতকো বাৰু কোনোবাই এনেদৰে হত্যা কৰি… … নাই নাই আৰু ভাবিব নোৱাৰি… ৷ কিছুসময় পিছত ধুপুচ কে শব্দ এটা কৰি ছাঁ মুৰ্তিটো অদৃশ্য হ'ল ৷ ইপিনে আমাৰ যন্ত্ৰ পাতিবোৰ যেন নিহপালি দি শুইহে আছে ৷ ইমানৰ পিছতো আমাৰ কোনো যন্ত্ৰই কোনো সংকেত প্ৰেৰণ নকৰা দেখি একো নাভাবি নিচিন্তি এনেদৰে হঠাৎ পানীৰ মাজলৈ অহাটো যে এক মুৰ্খামী কৰিলো মোৰ বুজিবলৈ বাকী নাথাকিল ৷ নিজৰ লগতে টীম মেম্বাৰৰ জীৱনক লৈ এনেদৰে হেতালী খেলা বাবে নিজৰ ওপৰতে ভীষণ খং উঠিল ৷ ইনফ্ৰাৰেড লাইটটোৰে ইংগিত দি আটাইবোৰ টীম মেম্বাৰক অতি শীঘ্ৰে উভতিবলৈ ইংগিত দিলো ৷ কেইমিটাৰ মান উভতিছোহে মাথো ৷ হঠাৎ হাতৰ গুউজ মাষ্টাৰ EMF মিটাৰটোৱে ইলেকট্ৰ' মেগনেটিক চিগনেল গ্ৰহণৰ সংকেত দিলে ৷ যন্ত্ৰ সজ্জিত দুই নং ভুৰ খনৰ জিঅ ফন ভাইব্ৰেচন ডিটেক্টৰটোৱেও একেলগে সংকেট গ্ৰহণৰ চিগনেল দিলে ৷ মিথিলেচে তৎক্ষণাত হাতৰ সৰু মণিটৰটোত পেন স্টাইল ইনফ্ৰাৰেড থাৰ্মমিটাৰে পঠোৱা উষ্ঞতাৰ তাৰাতৈম্যৰ সংকেট বিচৰাত লাগিল ৷ আমাৰ পৰা মাথো দুই গজ মান দুৰত এটা কল্ড স্পট ধৰা পৰিল ৷ ভুৰখন সেই দিশে আগুৱাই নিলো ৷ বাকীবোৰ টীম মেম্বাৰক একে ঠাইতে ৰৈ থাকিবলৈ ইংগিত দিলো ৷

" আপুনি বাৰু আমাৰ উপস্হিতিত অতিস্হ হৈছে নেকি !" _ প্ৰফেচনেল ভাবে মিথিলেচে সুধিলে ৷ 
EMF মিটাৰত কোনো উত্তৰ নাহিল ৷ কিন্তু যন্ত্ৰটোৱে স্পিৰিটৰ উপস্হিতিৰ সংকেট স্পষ্ট ভাৱে দি থাকিল ৷

" আমি ইয়াৰ পৰা আঁতৰি যোৱাটো যদি বিচাৰিছে তেন্তে সংকেত দিয়ক ৷ আমি আপোনাক আমনি নকৰি আঁতৰি যাম ৷" 
এইবাৰ ই ভি পি ৰেকৰ্ডাৰটোত নঞাৰ্থক ভাৱে শব্দ এটা ভাহি আহিল ৷ ( পাঠক সমাজৰ জ্ঞাতাৰ্থে জনাও যে ই ভি পি ৰেকৰ্ডাৰত যি শব্দ শুনা যায় সেয়া আমি সাধাৰণ ভাৱে ৰেডিঅ'ৰ চেনেল সলনি কৰোতে খালী ঠাইবোৰত যি শব্দ শুনো তেনেধৰণৰ হয় ৷ এই শব্দ বুজি পোৱাটো বৰ কঠিন ৷ বহু বছৰৰ অভিজ্ঞতাৰ পিছতো ৰেকৰ্ডিংবোৰ বাৰে বাৰে শুনাৰ পিছত হে ইয়াক সম্পুৰ্ণ ভাৱে বুজি পোৱা যায়) ৷ যি নহওক এইবাৰ আমি আত্মাৰ লগত যোগাযোগত ভালদৰেই লাগি পৰিলো ৷

পিছদিনা গাওঁৰ ৰাইজে মিলি বন্তি জ্বলাই, শৰাই আগবঢ়াই নাম প্ৰসংগ কৰি সমুহীয়া ভাবে ক্ষমা প্ৰাৰ্থনা কৰিলে ৷ লগতে ভুৰৰ তলৰ মৃত দেহটোৰ দাহ সৎকাৰ কৰিলে ৷


আচলতে কি হৈছিল: :

মনাহকুছি গাওঁত এজনী বোৱাৰী বিয়াৰ এমাহ পিছতেই বিধবা হৈছিল ৷ তাইৰ গৰ্ভত গিৰীয়েকৰ চিন ইতিমধ্যেই ৰৈ গৈছিল ৷ দুবছৰ পিছত তাইৰ গাওঁৰেই ডেকা এজনৰ লগত প্ৰেম সম্বন্ধ গঢ়ি উঠিছিল ৷ কিন্তু গাওঁৰ মানুহে সিহঁতৰ সম্বন্ধক ৰাইজ মেলত অবৈধ বুলি ঘোষণা কৰি লপা থপা দি সিহঁতক এঘৰীয়া কৰিছিল ৷ দুয়ো ওচৰৰে 'গৰ্জন' বিলৰ পাৰত চালি এখন সাজি একেলগে থাকিবলৈ লৈছিল ৷ দুয়োৰো প্ৰেমৰ চিন কঢ়িয়াই তাই অন্ত:সত্তা হৈছিল ৷ কিন্তু গাওঁৰ আঠজনীয়া লম্পটৰ দল এটাই এদিন স্বামীৰ সমুখতে তাইক ধৰ্ষণ কৰি তাইৰ উলংগ দেহটো বিলৰ পানীত দলিয়াই দিছিল ৷ গিৰীয়েক আৰু তাইৰ একবছৰীয়া সন্তানটোৰ মৃতদেহ ঘৰটোৰ ভিতৰতে গেলি পচি গৈছিল ৷ এনেদৰে এজনী চাৰিমহীয়া অন্ত:সত্তা মহিলাক প্ৰেমাস্পদ আৰু নিজ সন্তানৰ সৈতে হত্যা কৰাৰ প্ৰতিশোধ স্বৰুপেই সিহঁত বোৰক হত্যা কৰা হৈছিল ৷
( উপ সংহাৰ: চৰকাৰী ভাৱে পানীত পৰি মৃত্যু হোৱা বাবে আঠোটা পৰিয়াললৈ দুইলাখকৈ এককালীন সাহায্য আগবঢ়োৱা হৈছিল ৷)
ghost story assamese



[[মিষ্ট্ৰিয়াচ নাইট নামটোতে বহু কথা আছে । কিয়নো ইয়াত আমি প্ৰকাশ কৰো কিছুমান ৰহস্যময় লিখনি, কিছুমান মানুহৰ জীৱনৰ অভিজ্ঞতা, অশৰীৰি আত্মাৰ কথা, ঘটনা তথা গল্প । ৰহস্যৰ দোমোজাত আমি পাহৰি পেলাও এয়া বাস্তৱ নে সপোন নে মনৰ ভ্ৰম। কিছুমান মানুহে যিসকলে দাবী কৰে এয়া তেওঁৰ জীৱনৰ বাস্তৱ অভিজ্ঞতা...তেনেই কিছুমান লিখনিৰে আগবাঢ়ি আছে এই শিতানটো।... আপোনাৰ জীৱনতো তেনে কোনো ঘটনা আছে নেকি? যিবোৰ শুনি বেলেগে হাঁহিছে! যাক আপুনি মিছা বুলি প্ৰকাশ কৰিবলৈও কষ্ট পায়। আমালৈ লিখকচোন। আমাৰ ফেচবুক পেজৰ ইনবক্সত বা ইমেইলত swapniljonak@gmail.com পঠিয়াব পাৰে। যদি আপুনি বিছাৰে আমি আপোনাৰ পৰিচয় গোপনীয় ভাবে ৰাখি প্ৰকাশ কৰিম। কিয়নো কোনেওঁ নুশুনিলেও আমি শুনিম আৰু লগতে শুনোৱাম হাজাৰজনক।]]

 (বিঃদ্ৰঃ-অন্ধবিশ্বাসৰ কোনো প্ৰসাৰত আমি সমৰ্থন নকৰো)
[ প্ৰিয় বন্ধু, তলৰ হোৱাটচএপ, ফেচবুক , যিকোনো বুটামত ক্লিক কৰি লেখাটো শ্বেয়াৰ কৰকচোন ।কিয়নো আপুনি যিমানক শ্বেয়াৰ কৰিব সিমানেই আমি নতুন গল্প লাভ কৰিম।
কি থিক আপুনি শ্বেয়াৰ কৰা বন্ধুজনৰো থাকিব পাৰে এনে ৰহস্যময় অভিজ্ঞতা👇🏻]

Post a Comment

0 Comments