মিষ্ট্ৰিয়াচ নাইট -নং ৩-Assamese horror story



(আজি মই মোৰ জীৱনৰ এনে কিছুমান অভিজ্ঞতাৰ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছো যাৰ অস্তিত্বৰ কথা বিচাৰ কৰিব গ'লে এটা প্ৰশ্নবোধকৰ বাহিৰে একো বিচাৰি নাপাব.....!)

সিদিনা ৰাতি হোষ্টেলৰ ৰূমত বা আৰু মই আছিলো। দিনটো কিছু ব্যস্ততা আৰু হাই উৰুমিৰ মাজেৰে গৈছিল; বিশেষ পঢ়াও হোৱা নাছিল। সেয়ে ঠাণ্ডা বতাহৰ আমেজ ল'বৰ বাবে খিৰীকিৰ সমুখত বহিছিলো হাতত কিতাপ লৈ। যিহেতু হোষ্টেলখন কলেজ কেম্পাছৰ ভিতৰতেই হয় সেয়ে খিৰিকিৰে কলেজৰ লাইব্ৰেৰী বিল্ডিংটো দেখা যায়। তেতিয়া ৰাতি প্ৰায় ডেৰ বাজিছিল। শান্ত চৌপাশে এবাৰ চকু ফুৰাই মই পঢ়িব লৈছিলো। পঢ়াৰ মাজে মাজে একোবাৰ বাহিৰলৈ চাও। এনেদৰে কিছুসময় যোৱাৰ পিছত কিহবাৰ শব্দত মই ৰূমলৈ চাই পঠিয়ালো, একো নেদেখি ৰূমৰ পৰা চকু ঘুৰাই বাহিৰলৈ চোৱাৰ লগে লগেই মোৰ চকু গ'ল লাইব্ৰেৰীৰ সেই বিশেষ ঠাইটুকুৰালৈ য'ত মই বহি কিতাপ পঢ়ো আৰু লগে লগেই বিকট শব্দ এটি হৈ এটি অৱয়ৱ তললৈ পৰি গ'ল ; তাৰ জ্বলি থকা চকুযুৰিয়ে মোৰ ফালেই চাই আছিল যেন এইমুহুৰ্ততেই মোক মাৰি পেলাব !!!ভয়ত চিঞৰ মৰি দৌৰি গৈ বাইদেউৰ গাত সাৱটি ধৰিছিলো । সেই সময়ত মোৰ অৱস্থা কেনেকুৱা হৈছিল ৰূমমেট বাজনীৰ বাহিৰে হয়টো কোনেও কাহানিও অনুভৱ কৰিব নোৱাৰিব । ভয় আৰু ৰহস্যৰ মায়াজালত আবদ্ধ মোৰ সৰ্বশৰীৰ কঁপি আছিল গোটেই নিশা।



 সিদিনা ৰাতিৰ ঘটনাটো সকলোৱে মানি ল'ব টান পাইছিল, মোক বুজাইছিল সেয়া মোৰ দুৰ্বল মনৰ ধাৰনা বুলি। মইও লাহে লাহে সহজ হৈছিলো। কিন্তু তাৰ দুদিন পিচত যিটো ঘটনা হৈছিল সেইটো মোৰ চিৰদিন মনত থাকিব। সেইদিনা শুকুৰবাৰ আছিল। বাহিৰত অলপ আন্ধাৰ অলপ পোহৰ হৈ আছিল তেতিয়া । পানীৰ বটলত পানী নোহোৱা বাবে মই ওপৰলৈ মানে পাকঘৰলৈ পানী আনিব গৈছিলো। হোষ্টেলৰ পাকঘৰটো চাদৰ ওপৰতেই হয়। ৰন্ধা বঢ়া ৰূমটোৰ বাহিৰেও তাত ডাইনিংহ'ল, বাচন ধোৱা আৰু ফিল্টাৰবোৰ থোৱাকৈ ৰূম কৰি থোৱা আছিল। চাদৰ বাকী উন্মুক্ত অংশত আবাসীসকলে কাপোৰ মেলি দিছিল। মই বটলত পানী ভৰিবলৈ দি চাই আছিলো। এনেতে কোনোবাই মোক "তৃষ্ণা এইফালে" বুলি কোৱা শুনিলো, মাতটো অনুমান কৰি মোৰ বান্ধৱী ৰিমজিমৰ যেন পাই ওলাই আহি যিফালৰ পৰা মাত আহিছিল সেইফালে চালো। তাই থিয় হৈ আছিল কিছুদুৰত। মোক ৰছীৰ ওপৰত থকা তাইৰ আৰু মোৰ কাপোৰখিনিৰ ফালে দেখুৱাই দি সেইখিনি লৈ আহিব দিলে। তাইনো কিয় তেনেকে আছে সুধি সুধি মই তাইৰ কাষলৈ গৈ থাকোতে উজুতি খাই তলফালে চাই দিলো আৰু পিছমুহুৰ্ততেই ঘুৰি চাই দেখো তাই আগৰ থিয় হৈ থকা ঠাইৰ পৰা দুৰত আছে। আচৰিত হৈ তাইক দুবাৰমান মাতিলো কিন্তু তাইৰ পৰা মাত নাপায় ভাবিলো কিবা চিন্তাত থাকা বুলি। তাৰ পিছত আৰু সময় নষ্ট নকৰি কাপোৰ খিনি আৰু পানীবটল লৈ গুচি আহিলো। ৰূমত সোমাই পঢ়িব বহোতেই ৰিমজিমৰ ফোন আহিল। কিছু আচৰিত হৈয়েই ফোনটো ৰিচিভ কৰিলো আৰু সেইফালৰ পৰা তাই কৈ উঠিল - "তৃষু , দৌৰা দৌৰিৰ বাবে তোক ক'ব পাহৰিলো, মই আবেলি ঘৰত আহিছো, অলপ আগতে আহি পালো।"…….! বহুত ভয় খালো যদিও এই ঘটনাটি আৰু কাকো নক'লো কাৰণ মই জানো এনেকুৱা ঘটনা যাৰ লগত হয় তাৰ বাহিৰে কোনেও তাক অনুভৱ কৰিব নোৱাৰে। কাৰোবাক বুজাব গ'লে হয়টো মোকেই পাগলী বুলি ক'ব। আজিকালি প্ৰায়েই ৰাতি মই শুব নোৱাৰো, টোপনি আহিলেই অস্ফুট অসংলগ্ন কিছু ফুচফুচনিত মই ভয় খাই সাৰ পাওঁ। আজিৰ যুগৰ শিক্ষিতা ছোৱালী হিচাপে ভুত প্ৰেত মইও বিশ্বাস নকৰো যদিও নিজৰ লগত ঘটি থকাবোৰ বিশ্লেষণ কৰিব গ'লে এডাল প্ৰশ্নবোধকৰ মুখামুখি হওঁ!!!!….. এনেকুৱা আৰু বহু ঘটনা ঘটি গৈছে মোৰ জীৱনত। আকৌ শুনাম কেতিয়াবা মোৰ এই *অবাস্তৱ বাস্তৱ* কাহিনী…………..

✍🏻 তৃষ্ণা বৰ্মন


[[মিষ্ট্ৰিয়াচ নাইট নামটোতে বহু কথা আছে । কিয়নো ইয়াত আমি প্ৰকাশ কৰো কিছুমান ৰহস্যময় লিখনি, কিছুমান মানুহৰ জীৱনৰ অভিজ্ঞতা, অশৰীৰি আত্মাৰ কথা, ঘটনা তথা গল্প । ৰহস্যৰ দোমোজাত আমি পাহৰি পেলাও এয়া বাস্তৱ নে সপোন নে মনৰ ভ্ৰম। কিছুমান মানুহে যিসকলে দাবী কৰে এয়া তেওঁৰ জীৱনৰ বাস্তৱ অভিজ্ঞতা...তেনেই কিছুমান লিখনিৰে আগবাঢ়ি আছে এই শিতানটো।... আপোনাৰ জীৱনতো তেনে কোনো ঘটনা আছে নেকি? যিবোৰ শুনি বেলেগে হাঁহিছে! যাক আপুনি মিছা বুলি প্ৰকাশ কৰিবলৈও কষ্ট পায়। আমালৈ লিখকচোন। আমাৰ ফেচবুক পেজৰ ইনবক্সত বা ইমেইলত swapniljonak@gmail.com পঠিয়াব পাৰে। যদি আপুনি বিছাৰে আমি আপোনাৰ পৰিচয় গোপনীয় ভাবে ৰাখি প্ৰকাশ কৰিম। কিয়নো কোনেওঁ নুশুনিলেও আমি শুনিম আৰু লগতে শুনোৱাম হাজাৰজনক।]]


 (বিঃদ্ৰঃ-অন্ধবিশ্বাসৰ কোনো প্ৰসাৰত আমি সমৰ্থন নকৰো)


 [... প্ৰিয় বন্ধু, তলৰ হোৱাটচএপ, ফেচবুক , যিকোনো বুটামত ক্লিক কৰি লেখাটো শ্বেয়াৰ কৰকচোন ।কিয়নো আপুনি যিমানক শ্বেয়াৰ কৰিব সিমানেই আমি নতুন গল্প লাভ কৰিম।
কি থিক আপুনি শ্বেয়াৰ কৰা বন্ধুজনৰো থাকিব পাৰে এনে ৰহস্যময় অভিজ্ঞতা👇🏻👇🏻..]