মেঘমলাৰ এপাৰ্টমেণ্ট- গুৱাহাটীৰ সেই বিতৰ্কিত ঘৰটো-মিষ্ট্ৰিয়াচ নাইট - 4-Assamese horror story



মেঘমলাৰ এপাৰ্টমেণ্ট
………………………………………
( গুৱাহাটীৰ সেই বিতৰ্কিত ঘৰটো )
- হেমন্ত দাস



- প্ৰায় দহবছৰ আগৰ কথা ৷ গুৱাহাটীৰ বি বৰুৱা কলেজৰ ঠিক বিপৰীতে পথৰ দাঁতিতে এটা পাঁচ মহলীয়া অট্টালিকা নিৰ্মাণৰ কাম আৰম্ভ হৈছিল ৷ সকলো ঠিকে ঠাকেই চলিছিল ৷ কিন্তু যেতিয়া অট্টালিকটোৰ পঞ্চম মহলাৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ল তেতিয়াই বিল্ডিং কনচ্ট্ৰাকচন কম্পেনীটো বিমোৰত পৰিল ৷ পঞ্চম মহলাৰ কাম আৰম্ভ হোৱাৰ পিছৰে পৰা তিনি সপ্তাহত সাতজন শ্ৰমিকৰ বিভিন্ন অজুহাতত ওপৰৰ পৰা পৰি মৃত্যু ঘটিল ৷ দুজন শ্ৰমিকে কোনো কাৰণ অবিহনেই চিপজৰী লগাই আত্মহত্যা কৰিলে ৷ হয় ঠিকেই বুজিছে ৷ 2007 চনত অসমৰ সেইসময়ৰ একমাত্ৰ ব্যক্তিগত টিভি চেনেল এনি টিভিৰ দ্বাৰা সমগ্ৰ অসমত সলকনি তোলা হণ্টেড হাউচ মেঘমলাৰ এপাৰ্টমেণ্টৰ কথাকে কৈছো ৷ যি নহওক ঘটনাটোৱে গোটেই অসম তোলপাল লগালে৷ পুলিচ বিভাগৰ টোপনি হৰিল ৷ তেওঁলোকে খৰখেদাকৈ আহি নিৰ্মাণ কাৰ্য বন্ধ কৰি দিলে ৷ পুলিচৰ মতে অনুসন্ধান সম্পুৰ্ণ নেহোৱা পৰ্যন্ত নিৰ্মাণ কাৰ্য বন্ধ ৰাখিব লাগিব ৷ এইমতে প্ৰায় পাঁচমাহ ধৰি নিৰ্মাণ কাৰ্য বন্ধ হৈ থাকিল ৷ ফলত এক্সেল কনচট্ৰাকচন নামৰ কোম্পানীটো ভীষণ লোকচানৰ সমুখীন হ'ব লগা হ'ল ৷
- মাঘ নে ফাগুন মাহৰ কোনোবা এটা পুৱা ডেৰাডুনত মোৰ কোৱাটাৰত বহি বাতৰি পঢ়ি আছো ৷ হঠাৎ অচিনাকী নন্বৰ এটাৰ পৰা মোলৈ ফোন আহিল ৷ একেৰাহে তিনি চাৰিবাৰ ফনটো ৰিং হৈ থকাৰ বাবে অচিনাকী নম্বৰ হোৱা সত্বেও ৰিচিভ কৰিলো ৷ সিপিনৰ পৰা নাৰী কণ্ঠ এটি ভাহি আহিল, "ছাৰ, আপোনাৰ লগত কমিচনাৰ চাৰে কথা পাতিব বিছাৰিছে ৷" সেই সময়ৰ কামৰুপ জিলাৰ উপায়ুক্ত পিযুজ গয়লৰ সৈতে মোৰ প্ৰায় ত্ৰিশ মিনিট কথা হ'ল ৷ এজন উপায়ুক্ত হিচাপে তেখেতে ভুত প্ৰেতত বিশ্বাস কৰা উচিত নহয় যদিও উপায়ন্তৰ হৈ মোক সহায়ৰ বাবে যোগাযোগ কৰা বুলি জানিব পাৰিলো ৷ ময়ো আনুস্হানিক ভাবে পত্ৰ প্ৰেৰণ কৰিলে সহায়ৰ হাত আগবঢ়োৱাৰ সন্মতি দিলো ৷
- প্ৰায় সাতদিনৰ পিছত ডাকযোগে আনুষ্ঠানিক পত্ৰ পালো ৷ ইতিমধ্যেই মই আমাৰ " পেচিফিক পেৰানৰ্মেল চোছাইটি" ৰ প্ৰেচিডেণ্ট মি ৰবিনচন উইলিয়ামলৈ ইমেইল কৰি সকলো কথা জনাই ইনভেস্তিগেচনৰ অনুমতি এটা উলিয়াই আমাৰ বাৰ জনীয়া টীম( পেৰানৰ্মেল ৰিচাৰ্চৰ প্ৰথম নিয়ম, নেভাৰ ইনভেষ্টিগেট এলন) এটা ৰেডি কৰি ৰাখিছিলো ৷ ডাক পোৱাৰ পিছদিনাখনেই পুৱা আঠ বজাৰ ফ্লাইটেৰে আহি বাৰজনীয়া দলটো গুৱাহাটী বিমান বন্দৰ পালোহি ৷ মি গয়েলে আমাৰ বাবে ইতিমধ্যেই সকলো ব্যৱস্হা সুন্দৰ ভাবে কৰি থৈছিল ৷ গতিকে বিমান বন্দৰৰ পৰা পোনে পোনে আহি হোটেল ব্ৰহ্মপুত্ৰ অশোকত বাহৰ পাতিলোহি ৷ সন্ধিয়া পৰত মি গয়ল আহি আমাক দেখা কৰিলেহি ৷ প্ৰায় তিনি ঘণ্টা ধৰি আমাৰ মাজত বিষয় সম্বন্ধে আলোচনা হোৱাৰ পিছত আমি সদলবলে 'মেঘমলা'ৰ এপাৰ্টমেণ্টলৈ ঢাপলি মেলিলো ৷ প্ৰায় ন মান বজাত অট্টালিকাতো পায় পঞ্চম মহলালৈ উঠি গলো ৷ গুৱাহাটী মহানগৰী তেতেয়া লাইটৰ পোহৰত জকমকায় আছিল ৷ তাত বেছি সময় নৰৈ আমাৰ টীমটো তলৰ মহলালৈ নামি আহি নিৰ্মাণৰ বিভিন্ন সামগ্ৰীৰ লগতে ঠাইখিনিও ভালদৰে নিৰীক্ষণ কৰিব ধৰিলো ( পেৰানৰ্মেল চ'চাইটিৰ িদ্বতীয় নিয়ম: 'ডু ৰিচাৰ্চ বিফৰ ইউ প্ৰচিড) ৷ যাহওঁক কিছুসময় পিছত আমি আটায়ে হোটেললৈ উভতিলো ৷
- পিছদিনা শনিবাৰ ৷ পুৱাতেই মই টীম মেম্বাৰ সহ গৈ মেঘমলাৰ এপাৰ্টমেণ্ট পালো ৷ সাতজন লেবাৰৰ সহায়ত পাচোটা মহলাতে বিজুলী যোগানৰ ব্যৱস্হা কৰিলো ৷ লগতে প্ৰতিটো মহলাতে বিভিন্ন দিশৰ পৰা গ'জ মাস্টাৰ ই এম এফ, পৰ্টেবল মচন চে়ঞ্চৰ ( আন্ধাৰত গতিবিধি লক্ষ্য কৰিব পৰা এবিধ সজুলি), ই ভি পি ৰেকৰ্ডাৰ( ইলেক্টনিক ভইচ ৰেকৰ্ডাৰ), জিও ফ'ন ভাইব্ৰেচন ডিটেক্টৰ( ইলেকট্ৰমেগনেটিক সংকেত গ্ৰহণৰ বাবে) পেন স্টাইল ইনফ্ৰাৰেড থাৰ্মোমিটাৰ( ক'ল্ড স্পট ডিটেকচনৰ বাবে) আৰু সৰ্বশেষত লেজাৰ লাইট স্হাপন কৰিলো (এই পোহৰৰ মাজেৰে অশৰীৰী কোনো শক্তি গতি কৰিলে ছাঁ আকাৰত দৃষ্টিগোচৰ হয়) ৷ ৷
- হোটেল কক্ষত ৰাতি ন মান বজাত উপায়ুক্ত গয়লৰ সৈতে অইন তিনিজন ভদ্ৰলোকে আহি আমাক সংগ দিলে ৷ চিনাকী হৈ জানিব পাৰিলো তেওঁলোকৰ এজন স্হানীয় বিধায়ক , ডি জি পি মি· কলিতা আৰু এক্সেল কনচট্ৰাকচনৰ স্বত্বাধীকাৰি মি· ৰজিনেচ ৷ ৰাতি এঘাৰ বজাত ভিডিঅ কনফাৰেঞ্চৰ জৰিয়তে কানাডাৰ পৰা মি· ৰবিনচনে সকলোকে মিচন সম্বন্ধে এক ব্ৰিফিং দিলে ৷ বিশেষত নতুন আলহী সকলক 'ডুজ এণ্ড ডণ্টজ' সম্বন্ধে জনালে ৷
- ৰাতি বাৰ বাজি পচপন্ন মিনিটত আমি মেঘমলাৰ এপাৰ্টমেম্ট পালো ৷ গোটেই অট্টালিকাতো তেতিয়া পোহৰে জকমকাই থকা দেখি আৰু আমাৰ সা সৰঞ্জামবোৰ দেখি বিধায়ক মহোদয় কিছু আচৰিত হ'ল ৷ তেও হেনো বিভিন্ন কিতাপ পত্ৰত পোৱা মতে ৰাতিৰ আন্ধাৰত ম'ম জ্বলাই স্পিৰিট কল কৰাহে চাবলৈ আহিছিল ৷ বিধায়ক মহোদয়ক বুজায় দিয়া হ'ল যে সেইবোৰ ল'ৰা ধেমালীহে মাথো ৷ ম'ম জ্বলাই স্চিৰিট কল এক মিথ্যাৰ বাহিৰে অইন একো নহয় ৷ বিধায়ক মহোদয়ে সেমেনা সেমেনি কৰি আগবাঢ়িল ৷
- অট্টালিকাত সোমোৱাৰ লগে লগে সেমেকা গোন্ধ এটা নাকত লগাত আমি আটায়ে সজাগ হৈ পৰিলো ৷ নতুন আলহী কেইজনক তেওঁলোকৰ অজ্ঞাতে শাৰীটোৰ মাজত সোমোৱায় আমি ওপৰলৈ আগবাঢ়িলো ৷ প্ৰতিটো মহলাত উষ্ঞতাৰ ভীষণ তাৰতম্য দেখি আমাৰ বুজিবলৈ বাকী নাথাকিল যে আজিৰ নিশাটো বৰ সহজে অতিবাহিত নহ'ব যিহেতু স্পিৰিটৰ উপস্হিতিত সকলোতকৈ প্ৰথমে উষ্ঞতাৰ তাৰতম্য হয় বুলি আমি জানো ৷ তাৰোপৰি প্ৰতিটো মহলাত বেলেগ বেলেগ উষ্ঞতাই একাধিক স্পিৰিটৰ উপস্হিতিকে স্পষ্টভাৱে বুজাইছে ৷
- আমি গৈ পঞ্চম মহলাত বাহৰ পাতিলো ৷ সকলো সামগ্ৰী অন কৰি বাকীবোৰক পঞ্চম মহলাত এৰি টীম মেম্বাৰ সমীৰণ মেধী আৰু মই গ্ৰাউণ্ড ফ্লৰ পালোহি (যিহেতু এনেকুৱা ক্ষেত্ৰত গ্ৰাউণ্ড ফ্লৰটেই ভুতৰ উপদ্ৰৱ অধিক হয়) ৷ তাৰ পিছত অট্টালিকতাটোৰ বিজুলী সংযোগ বন্ধ কৰি স্পিৰিটৰ আগমনৰ বাবে আটায়ে অপেক্ষা কৰিব ধৰিছো… … ৷ সময়বোৰ বাগৰিছে ৷ মাথো হাতৰ ঘড়ীবোৰৰ টিক、 টিক、 শব্দৰ বাহিৰে কাৰো কটো সাৰ সুৰ নাই ৷ সকলোৱে যেন শিলৰ মুৰ্তি হৈ পৰিছে ৷ মাথো অনাকাংক্ষিত ভাৱে জোনাকী পৰুৱা কেইটামানে ইপিনে সিপিনে ঘুৰি ফুৰিছে ৷
- ৰাতি তিনি বাজো নাবাজোতেই ওপৰ মহলাত ভীষণ চিঞৰ বাখৰ শুনি আমি পঞ্চম মহলালৈ লৰ দিলো ৷ তৃতীয় মহলা পায়ে আমি থমকি ৰব লগীয়া হ'ল ৷ উৎকট গেলা গোন্ধ এটাই যেন আমাক আগুৰি ধৰিলে ৷ হঠাৎ অহা বেয়া বা সুন্দৰ গোন্ধ স্পিৰিটৰ উপস্হিতিৰ দ্বিতীয় লক্ষণ ৷ গোন্ধ যিমানেই তীব্ৰ স্পিৰিট আপোনাৰ সিমানেই কাষত ৷ যিকোনো প্ৰকাৰে আমি পঞ্চম মহলা পালোগৈ ৷ গৈ দেখো ঘটনা বিষম ৷ বিধায়ক মহোদয়ে চাঁদত বহি ভয়ত ফোপাইছে ৷ বাকীবোৰে তেওঁক বেৰি ধৰি নানান শুশ্ৰুষাত লাগিছে ৷

- আচলতে কি হৈছিল পঞ্চম মহলাত:::

- প্ৰায় দুঘণ্টা ধৰি অপেক্ষা কৰি কৰি আটায়ে ভাগৰুৱা হৈ পৰিছিল ৷ শেষ নিশাৰ টোপনিৰ নিচাত সকলোৰে হয়তু চকু লাগিছিল ৷ এটা সময়ত টীম মেম্বাৰ জাকাৰুল সচমচকৈ সাৰ পায় দেখে বিধায়ক মহোদয় নিজ ঠাইত নাই ৷ যিহেতু আজি ৰাতিতোত কোনো কাৰণতে অকলে কোনেও কলৈকো যোৱাটোত দৃঢ়ভাৱে বাধাআৰুপ কৰাৰ পিছতো বিধায়ক মহোদয় নোহোৱা হৈছিল ক্ষন্তেকতে পঞ্চম মহলাত হোৱা দোৱা লাগিছিল ৷ গেটত ফোন কৰি তৎক্ষণাত আটাইবোৰ মহলাৰ লাইট জ্বলাই দিবলৈ কোৱা হৈছিল ৷ পঞ্চম মহলাত বিধায়ক মহোদয়ক বিচাৰি নাপায় আটায়ে চতুৰ্থ মহলালৈ নামি আহি দেখে বিধায়ক মহোদয়ে খুটা এটাত চিপজৰী লগাই উলমি ভৰি জোকাৰী আছিল আৰু এজাক জোনাকী পৰুৱাই তেওক আৱৰি আছিল ৷ সকলোৱে মিলি কোনোপধ্যে তেওঁক নমাই আনিছিল ৷ পিছত গম পোৱা গৈছিল যে বিধায়ক মহোদয়ে উক্ত সময়খিনিত কিহবাৰ দ্বাৰা মোহিত হৈ অজ্ঞান হৈ আছিল ৷ টীম মেম্বাৰে বহু যতন কৰাৰ পিছতহে সম্বিত ঘুৰাই পায় এতিয়া তেও ভয়তে ফোপাইছে ৷

- বিধায়ক মহোদয়ৰ ভাষাত: :

- আজি ৰাতি ভুত প্ৰেত কিবা যে লগ পাম তাৰ আশা এৰি পুৱতি নিশালৈ সকলোৱে টোপনিত লাল কাল ৷ এনেকৈ মিছাতে ভুতৰ নামত আহি বোন্দাপৰ দি থকা বাবে মনে মনে নিজকে ধিক্কাৰ দিলো ৷ মই উঠি গৈ চাঁদ খনৰ এটা মুৰত ঠিয় হৈ চিগাৰেট এটা জ্বলাই লৈ গুৱাহাটীৰ সৌন্দৰ্য উপভোগ কৰাত লাগিলো ৷ পাহাৰবোৰ তেতিয়া ক'লা দৈত্য একোটা যেন লাগিছিল ৷ চহৰ খনৰ অ'ত ত'ত দুই এটা লাইট জ্বলি আছিল ৷ বি বৰুৱা কলেজৰ সমুখৰ পথটোৰে মাজে মাজে দুই এখন গাড়ী ভীষণ বেগত পাৰ হৈ গৈছে ৷ ৰিব ৰিবকৈ বলি থকা চেচাঁ বতাহজাকে দেহ মন জুৰ পেলাইছিল ৷ কিছুসময় পিছত দুটামান জোনাকী পৰুৱা আহি মোৰ কাষত উৰি থাকিল ৷ তাৰে এটাক থাপ মাৰি ধৰিলো ৷ তাৰ পিছত হাতৰ তলুৱাত থৈ তালৈ লক্ষ্য কৰি থাকিলো ৷ ধিমিক ধামাককৈ জ্বলি সি মোৰ হাতখনত ঘুৰি ফুৰিল ৷ কিছুসময় পিছত আৰু এটা জোনাকী পৰুৱা আহি মোৰ হাতত পৰিল ৷ মই বহুসময় সিহঁতলৈ লক্ষ্য কৰিছো ৷ এটা সময়ত সিঁহতৰ পোহৰবোৰ অধিক উজ্জ্বল আৰু স্হিৰ হৈ পৰিল ৷ হাতখনত যেন হঠাৎ কোনোবাই ওজন এটা ৰাখি দিলে তেনেকুৱা লাগিল ৷ আচাৰ মাৰি সিহঁত দুটাক তলত পেলাই দিলো ৷ তাৰ পিছত মোৰ একো মনত নাই ৷ যেতিয়া সম্বেধ ঘুৰাই পাও লগৰ মানুহবোৰে চিঞৰ বাখৰ কৰি ডিঙিৰ চিপ জৰী এৰোৱাই মোক নমাই আনিছে ৷

- (শেষ খণ্ড)

- বিধায়ক মহোদয়ৰ আত্নহত্যাৰ চেষ্টাৰ কথা বনজুইৰ দৰে বিয়পি পৰিল ৷ লগে লগে আকৌ এবাৰ অসম খনত তোলপাল লাগিল ৷ 'মেঘমলাৰ এপাৰ্টমেণ্ট'' এতিয়া যেন এক আতংকৰ নাম হৈ পৰিল ৷ চৰকাৰী ভাৱে 'মেঘমলাৰ এপাৰ্টমেণ্ট' ক পুনৰ চীল কৰি দিয়া হ'ল ৷ কিন্তু কামৰুপৰ উপায়ুক্ত মি· গয়ল বেলেগ ধাতুৰে গঢ়া মানুহ ৷ তেওঁ একৈশ শতিকাত অৱতৰণ কৰিও ভুতৰ ওচৰত হাৰ মানিবলৈ কোনোপধ্যেই প্ৰস্তুত নহ'ল ৷ গতিকে তেওঁ আমাক এৰি দিব নিবিচাৰিলে ৷ কিন্তু বেচৰকাৰী ভাবে কাম কৰিবলৈ ' 'আটলাণ্টিক পেৰানৰ্মেল চ'ছাইটি' য়ে আমাক কোনোপধ্যেই অনুমতি নিদিলে ৷ অৱশেষত আমি উপায়ুক্ত মহোদয়ৰ অনুৰোধক এৰাৱ নোৱাৰি আৰু ভুতৰ ওচৰত পৰাজয় বৰণ কৰি পলায়ন কৰিবলৈ নিজকে প্ৰস্তুত কৰিব নোৱাৰি গোপন ভাৱে কাম চলাই যোৱাটোকে ঠিক কৰিলো ৷
- সেই কথামতেই বুধবাৰে দুপৰীয়া আমাৰ বাৰ জনীয়া টীমটো গৈ পুনৰ সকলো সামগ্ৰী স্হাপন কৰিলো ৷ ৰাতি একমান বজাত চৌহদৰ বেৰৰ ওপৰেৰে জপিয়াই আমি 'মেঘমলাৰ এপাৰ্টমেণ্টত' প্ৰৱেশ কৰিলো ৷ কিছুসময় পিছতে গয়ল চাহবো তেখেতৰ তিনিজন বিশ্বস্তৰ সৈতে একে পদ্ধতিৰে আহি আমাক যোগ দিলে ৷ গয়ল চাহাবৰ সংগী কেইজনক আমাৰ দুজন টীম মেম্বাৰৰ সৈতে মেইন গেটৰ ওচৰত তৈ আমিবোৰ পঞ্চম মহলালৈ টিপচাকী জ্বলাই আগবাঢ়িলো ৷ গোটেই অট্টালিকাতো আজি ভেকেটা ভেকেট গোন্ধৰে ভৰা ৷ মুখত ৰুমাল ন'ললে পেটৰ নাৰী ভুৰী যেন ওকালি আহিব ৷ স্পিৰিটে যে আজি আমাৰ উপস্হিতিত বিৰক্ট হৈছে এই তীব্ৰ দুৰ্গন্ধ তাৰেই সংকেত বুলি বুজিব পাৰিলো ৷
- নিশা তেতিয়া এক বাজি পচিশ মিনিট ৷ মি় · গয়ল আৰু মই চাঁদত বহি কথা পাতিছো ৷ বাকীবোৰ টীম মেম্বাৰে মেইন গেটত পেন থাৰ্মেল থাৰ্মমিটাৰৰ ৰিডিং পঢ়ি কম উষ্ঞতাৰ ঠাইবোৰ চিনাক্ত কৰাৰ চেষ্টা চলাইছে ( একে এলেকাত যদি কোনো ঠাইৰ উষ্ঞতা অস্বাভাৱিক ভাৱে কম হয় তেন্তে সেই ঠাইত স্পিৰিটৰ উপস্হিতি বুজায়) ৷ কথাৰ মাজতে মি· গয়লে বাৰে বাৰে ইফালে চাই থকাত মই প্ৰশ্নবোধক দৃষ্টিৰে তেওঁলৈ চালো ৷ তেও ক'লে যে তেওঁৰ এনেহেন লাগিছে যে আমাৰ কথা কোনোবাই মনে মনে শুনি আছে ৷ মই চাৰিওপিনে টৰ্চৰ পোহৰ মাৰি পঠিয়ালো ৷ নাই… ক'তো কোনো নাই ৷ মি গয়লক একো নক'লো যদিও মোৰ বুজিবলৈ বাকী নাথাকিল যে আমাৰ নিচেই ওচৰতে কোনো অশৰীৰী আত্মাই আমাৰ ওপৰত নজৰ ৰাখিছে ৷ আমি কেতিয়াবা অকলে থাকিলে বা খোজ কাঢ়ি থাকিলে হঠাৎ এনে লাগে যেন আমাৰ লগত কোনোবা আছে বা আমাৰ লগত খোজ কাঢ়িছে ৷ এই অনুভুতি অকাৰণত নহয় ৷ ই আমাৰ মগজুৱে গ্ৰহণ কৰা ইলেক্ট্ৰ মেগনেটিক চিগনেলৰ ফলত হয় ৷ যিহেতু আমাৰ মগজুৱে সম্পুৰ্ণ ডাটা বিশ্লেষণ কৰিব নোৱাৰে গতিকে ই আমাক আংশিক ডাটা হে দিয়ে ৷ যাক বহুতে চিক্স চেনচ্ বুলিও কব খোজে ৷ ই আচলতে আমাৰ কাষত কোনো অশৰীৰৰ উপস্হতিৰ হে সংকেত ৷ যিয়েই নহওক মোৰ কিটটোৰ পৰা EMF meter টো উলিয়াই অন কৰাৰ লগে লগে মিটাৰটো তীব্ৰ ভাৱে বাজি উঠিল ৷ মই কিবা ভাবিব পৰাৰ আগতেই লেজাৰ লাইটৰ পোহৰত চায়া মুৰ্তি এটা আতৰি যোৱা দেখা গ'ল ৷ মি· গয়লে মোলৈ চালে মই চকু টিপিয়াই নিৰ্ভয় দিলো ৷
- তিনি বাজিবলৈ দহ মিনিট মান থাকোতেই তৃতীয় মহলাত থাৰ্ম মিটাৰত কল্ড স্পট কেইটামান ধৰা পৰিল ৷ মই EMF মিটাৰটো হাতত লৈ তৃতীয় মহলালৈ খৰখেদাকৈ নামি আহিলো ৷ পিছে পিছে মি· গয়ল ৷ আমাৰ নিজৰ খোজবোৰেই বেচ গধুৰ আৰু অচিনাকী যেন লাগিল ৷ আমাৰ খোজত খোজ মিলাই যেন কোনো অশৰীৰীয়েও খোজ দিছিল ৷ কাৰোবাৰ হিম চেংচা নিনাহ আমি স্পষ্ট ভাৱে অনুভৱ কৰিব পাৰিছিলো ৷ তৃতীয় মহলাত ভৰি দিয়াৰ লগে লগে অত্যন্ত চেচঁা বতাহ এজাকে আমাক কোবাই গ'ল ৷ জিঅফ'ন ভাইব্ৰেচন ডিটেক্টৰ কেইটাই তেতিয়া চিগনেল গ্ৰহণৰ সংকেত দিছে ৷ ৰুমটোত জোনাকী পৰুৱা কেইটামান ইপিনে সিপিনে উৰি ফুৰিছে ৷ সিহঁতৰ মাজেৰে মই ৰুমটোৰ নিদ্দিষ্ট চুক এটাৰ পিনে সন্তপৰ্ণে আগুৱালো ৷ সিহঁতৰ কাষ পোৱাৰ লগে লগেই তীব্ৰ ভেকেটা ভেকেট গোন্ধ এটা পুনৰ নাকত লাগিল ৷ চেঁচা সোঁত এটা দেহৰ মাজেৰে বৈ গ'ল ৷ মই নিজকে ক'লো, " বচ পায় গলো৷" অশৰীৰৰ লগত যোগাযোগৰ চেষ্টা চলালো ৷ অট্টালিকাৰ তীব্ৰ দুৰ্গন্ধটো তেতিয়া লাহে লাহে খাম কাটিছিল ৷ মই স্পিৰিটৰ লগত যোগাযোগৰ অহৰহ চেষ্টা চলাইছো ৷ দুই এটা কথাৰ প্ৰত্যোত্বৰত EMF meter টোৰ লাইট জ্বলি উঠছিলো ৷ ই ভি পি ৰেকৰ্ডাৰ কেইটাও ইলেকট্ৰ'মেগনেটিক চিগনেল সুন্দৰ বাবে ৰেকৰ্ড কৰি আছিল ৷ মাজে মাজে ইনফ্ৰাৰেড আৰু লেজাৰ লাইটত ছাঁ মুৰ্তি এটা দেখা গ'ল ৷ যেন ভীষণ খংত চটফটাইছে ৷ তাৰ লগতে মোৰ হাতৰ EMF meter ত কাৰোবাৰ গেঙনী ষ্পষ্টভাৱে শুনা পালো ৷ ঠিক সেই মুহুৰ্ততেই এজাক তপত বতাহ কিৰিকীৰে খোমায় আহি মোৰ পিছপিনে ঠিয় হৈ থকা মি গয়লক চোচোৰাই টানি তললৈ নমাই লৈ আহিল ৷ বেচেৰাই গাৰ বলেৰে যুজিও অদৃশ্য শক্তিক বাধা দিব পৰা নাই ৷যেন কোনোবাই মুৰৰ চুলিত খামুচি টানি নিছে ৷ মই সহায়ৰ বাবে দৌৰিব খুজিও এখোজো লৰচৰ কৰিব নোৱাৰিলো ৷ কোনোবাই যেন মোক পিছপালৰ পৰা জপতিয়াই ধৰিলে ৷ গাৰ সমস্ত শক্তিৰে যুজিও সেই বাহু বন্ধনৰ পৰা মই মুক্ত হ'ব নোৱাৰিলো ৷ জিঅফ'ন ভাইব্ৰেচন ডিটেক্টৰকেইটা একেলগে চিগনেল গ্ৰহণৰ সংকেত দিলে ৷ ই ভি পি ৰেকৰ্ডাৰ কেইটাও সক্ৰিয় হৈ উঠিল ৷ প্ৰচণ্ড উত্তেজনাত মই ঘামিছো ৷ এখন বৰফৰ হাতে যেন মোক গাৰ সমস্ত শক্তিৰে সাৱটি আছে ৷ লাহে লাহে মোৰ উশাহবোৰ ঘন হৈ আহিল ৷ তলৰ মহলাৰ পৰা মি গয়লৰ চিঞৰ ক্ৰমাগত ভাৱে সৰু হৈ আহি এটা সময়ত সকলো নিস্তব্দ হৈ পৰিল ৷
- মই কিমান সময় তেনেদৰে আছিলো নাজানো ৷ যেতিয়া চেতনা ঘুৰাই পাও তেতিয়া মই জি এম চি এইচৰ বিছনাত ৷ মোৰ সমুখত মোৰ টীম মেম্বাৰ আৰু মি · গয়ল হাহি হাহি বহি আছিল ৷ চেতনা পোৱাৰ লগে লগে মোৰ এচিষ্টেন বিজনে মোক ই ভি পি ৰেকৰ্ডাৰৰ ৰিডিং ৰিপৰ্ট শুনালে ৷ লগে লগে মোৰ চকু কপালত উঠিল ৷ মি গয়লৰ লগত পিছদিনাখনেই পুলিচ ফ'ৰ্চ সহ গৈ মেঘমলাৰ এপাৰ্টমেণ্টৰ সম্পুৰ্ণ মজিয়া খান্দি তিনিটা মৃতদেহ উদ্ধাৰ কৰা হ'ল ৷ গিৰীয়েক ঘৈণীয়েক আৰু তেওলোকৰ একমাত্ৰ জীয়ৰীৰ ৷ মৃতদেহ কেইটা পুলিচক গটাই মি গয়লৰ আৰু মই জিলা পুঠিভড়াললৈ গৈ তিনিবছৰ পুৰণি বাতৰি কাকত বিচাৰি সলাথ কৰিলো ৷

-

 কি আছিল বাতৰি কাকতৰ সেই বাতৰি টো: :

- গুৱাহাটীৰ মাজমজিয়াৰ সেই ঠাইখিনিত দিগন্ত শৰ্মা আৰু তেখেতৰ সৰু পৰিয়ালটো বাস কৰিছিল ৷ বিল্ডাৰৰ লগত লগ হৈ সেই সময়ত উক্ত মাটিখিনি কিনিবলৈ শৰ্মাৰ পৰিয়ালক ৰাজনৈতিক ভাৱে হেচা দিয়া হৈছিল যদিও তেখেতে কোনোপধ্যেই সেই মাটি বেচিবলৈ মান্তি হোৱা নাছিল ৷ আৰু এদিন সকলোৰে অজ্ঞাতে পৰিয়ালটো নিৰুদ্দেশ হৈছিল ৷
-

 ( উপসংহাৰ: শৰ্মা পৰিয়ালৰ হত্যাৰ অভিযোগত সেই সময়ৰ এজন বিধায়ক আৰু সম্ভ্ৰান্ত কনচট্ৰাকচন কম্পেনীৰ মুৰব্বী জনক গ্ৰেপ্তাৰ কৰা হ'ল ৷ লগতে মেঘমলাৰ এপাৰ্টমেণ্টৰ নাম শৰ্মা ডিভাইন ৰাখি তলৰ মহলাত সকলো ধৰণৰ নিৰ্মাণ নিষিদ্ধ কৰি সম্পুৰ্ণ মুকলি কৰি ৰখা হ' ল ৷)

ghost story assamese
[[মিষ্ট্ৰিয়াচ নাইট নামটোতে বহু কথা আছে । কিয়নো ইয়াত আমি প্ৰকাশ কৰো কিছুমান ৰহস্যময় লিখনি, কিছুমান মানুহৰ জীৱনৰ অভিজ্ঞতা, অশৰীৰি আত্মাৰ কথা, ঘটনা তথা গল্প । ৰহস্যৰ দোমোজাত আমি পাহৰি পেলাও এয়া বাস্তৱ নে সপোন নে মনৰ ভ্ৰম। কিছুমান মানুহে যিসকলে দাবী কৰে এয়া তেওঁৰ জীৱনৰ বাস্তৱ অভিজ্ঞতা...তেনেই কিছুমান লিখনিৰে আগবাঢ়ি আছে এই শিতানটো।... আপোনাৰ জীৱনতো তেনে কোনো ঘটনা আছে নেকি? যিবোৰ শুনি বেলেগে হাঁহিছে! যাক আপুনি মিছা বুলি প্ৰকাশ কৰিবলৈও কষ্ট পায়। আমালৈ লিখকচোন। আমাৰ ফেচবুক পেজৰ ইনবক্সত বা ইমেইলত swapniljonak@gmail.com পঠিয়াব পাৰে। যদি আপুনি বিছাৰে আমি আপোনাৰ পৰিচয় গোপনীয় ভাবে ৰাখি প্ৰকাশ কৰিম। কিয়নো কোনেওঁ নুশুনিলেও আমি শুনিম আৰু লগতে শুনোৱাম হাজাৰজনক।]]


 (বিঃদ্ৰঃ-অন্ধবিশ্বাসৰ কোনো প্ৰসাৰত আমি সমৰ্থন নকৰো)


 [... প্ৰিয় বন্ধু, তলৰ হোৱাটচএপ, ফেচবুক , যিকোনো বুটামত ক্লিক কৰি লেখাটো শ্বেয়াৰ কৰকচোন ।কিয়নো আপুনি যিমানক শ্বেয়াৰ কৰিব সিমানেই আমি নতুন গল্প লাভ কৰিম।
কি থিক আপুনি শ্বেয়াৰ কৰা বন্ধুজনৰো থাকিব পাৰে এনে ৰহস্যময় অভিজ্ঞতা👇🏻👇🏻..]