দেউতাৰ মোবাইল ফোনটো-চুটিগল্প

দেউতাৰ মোবাইল ফোনটো

দেউতাৰ মোবাইল ফোনটো

 (দিগন্ত কুমাৰ ভট্টাচাৰ্য) 

আপোনাৰ লিখা পোষ্ট কৰিবলৈ ইয়াত ক্লিক কৰক
 যোৱা বছৰ ঘৰলৈ যাওতে দেউতাই কথাটো উলিয়ালে। দেউতাক হেনো ফোন এটা লাগে, তাঁৰ নথকা ফোন, লগত লৈ ঘূৰিব পৰা ফোন- মোবাইল ফোন। দেউতা অকলশৰীয়া মানুহ। আমি থাকো হাজাৰ মাইল দূৰত। আমাৰ লগত আহিও থাকিবলৈ নিবিচাৰে। বছৰেকত এবাৰ বা দুবাৰ ঘৰলৈ যাও। ৰাজু নামৰ ল’ৰা এজন আছে। সিয়েই আমাৰ গাঁৱৰ ঘৰত থাকি দেউতাক চায়, ঘৰৰ কাম-বন সকলো কৰে। তাক মোবাইল এটা দিছিলোঁ। সেইটোৰেই দেউতাই আমালৈ ফোন কৰে মাজে মাজে। আমিও ৰাজুৰ মোবাইলটোতে ফোন কৰি খা-খবৰ লওঁ।

‘মোৰ যেতিয়া কথা পাতিবলৈ মন যায়, সি নাথাকে ওচৰত। মাতি থাকিলেও বিচাৰি পোৱা নাযায় তাক। দুপৰীয়া-আবেলি যেতিয়া ফোনটো মোলৈ আগবঢ়ায়, তেতিয়া মনেই নাযাই দেখোন কথা পাতিবলৈ..তহঁতো ব্যস্ত থাক।..গতিকে ফোন এটা দিবিচোন মোক নিজাকৈ।’
দেউতাক নিজৰ পছন্দ মতে কিনিবলৈ দোকানলৈ লৈ গ’লোঁ।
‘ডাঙৰ বুটাম থকা এটা দিবি। সৰু সৰুকৈ নম্বৰবোৰ লিখা থাকিলে মনিবই নোৱাৰিম’।
‘ককা, টাচ্ছ স্ক্ৰীণ লোৱা আকৌ। আজিকালি এই ডাঙৰ মোবাইল কোনোৱে নিকিনে’ – মোৰ ল’ৰাটোৱে দেউতাক বুজায়। দেউতাই হাঁহে।
এঘাৰশটকীয়া মোবাইল এটা দেউতাৰ ভাল লাগিল। কী’বোৰ ডাঙৰ।
‘বহুত দাম পৰিল নেকি অ’? তোৰটোৰ দাম কিমান আছিল?’ -দেউতাই সোধে।
‘নাই নাই, ইয়াতকৈ কমত ক’ত পাবা?’ -মোৰ মোবাইলটোৰ দামটো ক’বলৈ ভাল নালাগিল দেউতাক।
দেউতাক ফোন কেনেকৈ কৰিব লাগে নম্বৰবোৰ টিপি, শিকালোঁ। ফোন আহিলে কেনেকৈ উঠাব লাগে, বুজালোঁ। কাৰোবাৰ নম্বৰ নামেৰে সৈতে ‘ছেভ’ কেনেকৈ কৰিব লাগে, সেয়াও দেখুৱাই দিলোঁ।
‘মই নাম-ছাম নাচাও দে..তোৰ নম্বৰটো মুখস্থ আছেই নহয়। হৈ যাব’।
‘হ’লেও কেতিয়াবা লাগিব পাৰে নহয়, তেতিয়া কি কৰিবা?’।
বহুবাৰ শিকোৱাৰ পাছত দেউতাই মোৰ নাম আৰু নম্বৰটো ক’নটেক্ট লিষ্ট’ত ‘ছেভ’ কৰিলে-‘পোণা’। ‘পি’ৰ পাছত চাৰিটামান ‘এ’ টাইপ কৰিলে। মই শুধৰাবলৈ নগ’লোঁ। তেনেকৈয়েই থাককচোন। পঞ্চমমানত মই দেউতাৰ নামটো প্ৰথমবাৰৰ বাবে ইংৰাজীত লিখোতে কিমান যে ভুল হৈছিল। তথাপিও বহীৰ পাতটো তেওঁ বহুদিনলৈ ৰাখি থৈ দিছিল সযতনে।
ফোনটো লোৱাৰ পাছত দেউতাই মোলৈ প্ৰায়েই ফোন কৰে। সন্ধিয়া। ময়ো কৰোঁ। খা-খবৰ লওঁ।
কেতিয়াবা অ’ফিচত ব্যস্ত থাকিলে ফোন কৰে। অ’ফিচত থকা বুলি নকওঁ কেতিয়াও। ‘ইমান ৰাতিলৈ কিয় কাম কৰি থাক ও’- বুলি দেউতাই দুখ কৰিব। মই অলপ দেৰি পাছত ফোন কৰিম বুলি কওঁ। পাহৰি যাও দেউতাৰ ফোনৰ কথা। দহমিনিটমান পাছত আকৌ ফোন কৰে দেউতাই। মই ফোনটো কাণ আৰু কান্ধৰ মাজত ৰাখি কথাবোৰ শুনি যাওঁ। অ’ফিচৰ কামবোৰো কৰি যাওঁ একে সময়তে।
‘আজি হৰেণৰ ছোৱালীৰ বিয়া। মোক নামাতিলে বুইছ। তাৰ বিয়াত মই এহাজাৰ টকা দি সহায় কৰিছিলোঁ। পাণদোকানখন দিওতেও ময়েই দিছিলোঁ টকা পাঁচশ।..আজি ডাঙৰ দুই-তিনিখন দোকানৰ মালিক হৈ মোক পাহৰিলে।…বেণ্ড-পাৰ্টিৰ শব্দ উৰি আহিছে, বুকুত বিন্ধিছে ও পোণা…পোণা, তই শুনি আছ?’ – ওচৰৰ হৰেণ খুৰাৰ ওপৰত থকা ক্ষোভ উজাৰে দেউতাই।
মই কম্পিউটাৰৰ পৰা মনটো ফোনটোলৈ আনো- ‘হু, অ’ শুনি আছোঁ..কৈ যোৱা’।
‘কালি আমাৰ সেইটো চুবুৰীৰ মহেনৰ ছোৱালীজনী আহিছিল। তাই মেট্ৰিক পাছ কৰিলে নহয়, ফাৰ্ষ্ট ডিভিজনত। মোৰ ভৰি চুই সেৱা কৰিলে’। -দেউতাৰ মাতটোত দেউতাৰ উৎফুল্লিত মুখখন অনুভৱ কৰিবলৈ চেষ্টা কৰোঁ মই। হয়তো চকুৰ দুইকোণত দুটোপাল অশ্ৰুও বিৰিঙি উঠিছে দেউতাৰ এই মুহূৰ্ত্তত!
‘তই গৰম পানী ওলোৱা মেচিন এটা কিনিবলৈ যে টকা পাঁচহাজাৰ দি গৈছিলি, তাৰে দুইহাজাৰ তাইকে দিলোঁ দে। ভালকৈ পঢ়ক…মহেনটোৰো অৱস্থা ভাল নহয়। …তই ব্যস্ত আছ কিজানি? বন্ধ কৰি দিও এতিয়া ফোনটো। ইহঁতকেইটাৰ ভাল নহয়?’- দেউতাৰ লগত কথোপকথন শেষ হয়।


আমাৰ সৰু ছোৱালীজনীৰ মাত ফুটিছে অলপকৈ। দুই এটা শব্দ কয় মাজে মাজে। ৰাতি দেউতাই ফোন কৰিলে লাউড-স্পীকাৰত দি তাইৰ ওচৰত মোবাইলটো ধৰোঁ। তাই ফুটা-নুফুটাকৈ কিবাকিবি কৈ থাকে। দেউতাৰ সেই শব্দকেইটা শুনিবলৈকে যে কিমান হেঁপাহ! দাঁত প্ৰায়বোৰেই সৰিছে বাবে দেউতাৰ কথাবোৰ অস্পষ্ট হৈ ওলায়। আমাৰ ল’ৰাটোৱে দেউতাৰ লগত ফোনত কথা পাতিলে বুজি নাপাই মোৰ ফালে চাই থাকে। মই বুজাই দিওঁ তাক। দেউতাৰ উশাহৰ শব্দটোও যে মোৰ বাবে চিনাকি!


এমাহমান আগতে এদিন ৰাতি প্ৰায় দুইমান বজাত মোৰ মোবাইলটোৰ ৰিংটোনৰ শব্দত সাৰ পাই উঠিলোঁ। দেখিলোঁ দেউতাৰ ফোন। ইমান ৰাতি! শংকিত হ’লোঁ মই। ফোনটো উঠাই মাতিলোঁ দেউতাক। আনটো মূৰৰ পৰা একো শব্দ নাই। দেউতাই হেনো মোবাইল ফোনটো গাৰুৰ কাষতে থৈ শোৱে। হয়তো হাত লাগি, হেঁচা খাই ভুলতে মোলৈ ফোনটো লাগিল। এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে দেউতাৰ নাকৰ শব্দ ভাঁহি আহিল। মই যেন দেউতাৰ কাষতে শুই কুঁচি-মুচি দেউতাৰ বুকুৰ মাজলৈ সোমাই গৈছোঁ সৰু ল’ৰা এটিৰ দৰে, এনে লাগিল মোৰ। ফোনৰ মাজেৰে হাজাৰ মাইল আঁতৰত এৰি অহা শৈশৱে যেন লৰি আহিল মুহূৰ্ততে। হঠাতে দেউতাৰ কাঁহৰ শব্দ শুনিলোঁ। প্ৰায় একমিনিটমানৰ বিৰামহীন কাঁহ। তাৰ পাছত মৃদু কেঁকনি।
কেঁকনিৰ মাজে মাজে দেউতাই অস্পষ্টকৈ মাতিছে-‘ও…প্ৰভূ…’। বোধকৰো কষ্ট পাইছে তেওঁ। মোৰ গাটো জিকাৰ খাই উঠিল। ফোনটো কাটি দিলোঁ। সেই ৰাতি মোৰ আৰু টোপনি নাহিল!
কিছুদিনৰ পৰা দেউতাৰ ফোন অহা নাই। মই ফোন কৰিলেও ৰাজুৱে উঠায়। দেউতাৰ দুয়োখন হাতৰে বিষটো বেছি হৈছে। হাতেৰে ফোনটো কাণৰ কাষত ধৰি ৰাখি কথা পাতিবলৈ অসুবিধা পায়। ৰাজুৱে ধৰি থাকে। দেউতাই কথা পাতে অলপ দেৰি।




********** দেউতা ঢুকোৱা আজি দুদিন হ’ল। ষ্ট্ৰ’ক হৈছিল। গাঁৱৰ হ’স্পিটেলতে ঢুকাল।
দেউতাৰ কোঠাটো শূন্যতাৰ শীতল বতাহচাটিয়ে সেমেকা কৰি তুলিছে। টেবুলখনৰ ওপৰত মাৰ ফ’টোখনৰ কাষতে দেউতাৰ ফ’টোখনো যোগ হ’ল। ঢাৰি-তুলিবিহীন বিছনাখনো অকলশৰীয়া আজি। বিছনাখনৰ এচুকত দেউতাৰ মোবাইল ফোনটো পৰি আছে। ফোনটো অ’ন কৰি চালোঁ। ক’নটেক্ট লিষ্টত এটাই নাম-পোণা, মোৰ নামটো। ৰিচিভড্ কলৰ লিষ্টত দুটাৰ বাহিৰে মোৰেই নাম। ডায়েল্ড নম্বৰবোৰ চালোঁ। অন্তিম বিছটা নম্বৰ দেখাইছে। আটাইকেইটা মোৰ। কল ড্যুৰেছন চাবলৈ মন গ’ল। এটাৰ -পাঁচ মিনিট। আন এটাৰ দহ মিনিট। শেষৰটোৰ মাত্ৰ দহ ছেকেণ্ড। ব্যস্ত আছিলোঁ বাবে হয়তো কথা নাপাতি বা ‘পাছত কৰিম’ বুলি থৈ দিছিলোঁ।
সেই ৰাতিয়েই দেউতাৰ অসুখ হৈছিল। পুৱা ঢুকাল। কৰিম বুলি ভবা ফোনটো দেউতালৈ কোনোদিনে কৰা নহ’ল।

ক’ব নোৱাৰাকৈয়ে মোৰ নামটোত আঙুলিৰ হেঁচা খাই ডায়েল হ’ল। আনখন হাতত থকা মোৰ মোবাইলটোৰ ৰিংট’নটো বাজি উঠিল। স্ক্ৰীণখনত জিলিকি উঠিছে -‘দেউতা কলিং’! মই ফোনটো উঠাই ক’লোঁ- হেল্লো…দেউতা! এটি মোবাইল ফোনৰ মাজত দেউতাৰ অস্তিত্ব বিচাৰি হাঁহাকাৰ কৰি উঠিল মোৰ মনটোৱে। হিয়া ভাগি ওলাই অহা কান্দোনটোক বাধা দিবলৈ অপাৰগ হ’লোঁ মই।।

🖋️দিগন্ত কুমাৰ ভট্টাচাৰ্য

#তলৰ হোৱাটচএপ ফেচবুক বুটামত ক্লিক কৰি গল্পটো আপোনাৰ বন্ধুসকলকো শ্বেয়াৰ কৰক আৰু আপোনাৰ দৰে আন দহজনকো পঢ়াৰ সুবিধা দিয়ক 😊


Post a Comment

2 Comments