'to be continue' এই কাহিনীৰ

:- কি কৰিছা?

:- হেডফোনত গান বজাই অকলে নাচি আছো ৷

:- এ কি কোৱা? ঘৰত অকলে আছা নেকি?

:- নাই মা-দেউতাহত আছে ৷

:- কৈ দিওঁ ৰ'বা মাক, তুমি নাচি থকা বুলি ৷

:- এ নক'বা নক'বা ৷

:- কিয় ? কিয়?

:- মাহতে নাচি থকা বুলি গম পালে মাহতকও শিকাব

লগা হ'ব ৷

:- হেঃ হেঃ কিছু জমনি আছা তুমি ৷

:- থেংকইউ ৷

:- ৱেলকাম ৷

:- নমস্তে লণ্ডণ ৷

:- মানে??

:- অক্ষয় কুমাৰৰ চিনেমাৰ নাম আকৌ…

:- হেঃ হেঃ পাগল হৈছা তুমি !

:- পাগল হ'ব লাগে নেকি? পাগলে হয় মই ৷

:- জানু ৷

:- আইজো ……… মোক জানু বুলি মাতিলা ৷

:- ধেই…

:- ধিক ধাক ধেই……

:- এ ফাল্টুমি এৰা ৷ কিবা লিখা না… মোক লৈ… ৷

:- ৰ'বা…………

'মোৰ বুকুত

সোঁৱৰণিৰ শতখিলা সৰাপাত

ফাগুন হৈ

পচোৱা লৈ

পোনাবাচোন মোৰ বুকুলৈ বাট'

:- ৱাহঃ ৷ মই পিছে গল্পৰ দৰে হে লিখিবা বুনি ভাবিছিলো !

:- গল্প !! তোমাৰ-মোৰ কাহিনীটো লিখো দিয়া?

:- লিখা ৷

:- ক'ত শেষ হ'ব আমাৰ গল্পটো!!

:- ক'ত?

:- তুমি মোক মেচেজ দিবা--"মোৰ বিয়া ঠিক হ'ল……

দৰা……! আজিৰ পৰা আমাৰ সম্পৰ্ক শেষ ……… ৷ মনত

থাকিবা তুমি…… পাহৰিব নোৱাৰো 'তুমি'

ভৰা দিনবোৰ………… ৷"

:- উম !!

:- তোমাৰ কইনাৰ ওৰণিৰ তলত মোৰ বাবে সৰিব

নে দুটোপাল চকুলো???

:- উম ৷

:- যেতিয়া তোমাক এক বাহু-বান্ধোনেৰে সাৱতি ধৰিব…

চকুত ভাহিবনে 'অনুৰাধা'ৰ 'এক ভিলেইন'ৰ 'তু

মেৰা হামদৰদে হে…' সেই ক্ষণটো??

:- উম… উম… ভাহিব ভাহিব জানটো……

:- যেতিয়া মই কোৱা কথাবোৰ, আমাৰ ধেমালীবোৰ মনত

পৰিব ওঁঠত ফুলিব নে তোমাৰ সূৰ্যমূখী হাঁহি!!

:- তুমি মোৰ বাবে এটি সুখৰ মুদ্ৰা … ৷ মোৰ জীৱন-

যৌৱনৰ আটাইতকৈ স্পিচিয়েল তুমি…… জীৱনৰ শেষ

ক্ষণটোলৈ তুমি এইদৰে স্পিচিয়েল হৈ থাকিবা ৷

:- তেতিয়া হ'লে The End নাই আমাৰ কাহিনীৰ… আমাৰ

প্ৰেমৰ… ৷ 'to be continue' এই কাহিনীৰ… এই

প্ৰেমৰ……

:- উম… to be Continue...


#b.n.rupam



( বিঃদ্ৰঃ - তলৰ 👇🏻  হোৱাটচএপত /ফেচবুক শ্বেয়াৰ বুটামটোত ক্লিক কৰি হোৱাটচএপ/ফেচবুকত শ্বেয়াৰ কৰক ।আৰু আন দহজনকো পঢ়াৰ সুবিধা দিয়ক