দেউতাকে জীয়েকৰ বায়ডাটাত hardworking ৰ সলনি লিখিলে এলেহুৱা । পিছত এনে হ'ল...

এক মজাৰ খবৰ। বায়োডেটা বা চিভি , লিখাৰ সময়ত আমি বহুতেই নিজকে পাৰদৰ্শী বুলি প্ৰতিপন্ন কৰিব খোজো নহয়নে? কম বেছি পৰিমাণে আমি বহুতেই কিছুমান মিছা কথা লিখি দিওঁ। নিজৰ ভাল বোৰ লিখি ইন্টাৰভিউত ইমপ্ৰেছ কৰিবলৈ কোনেও ক্ৰুটি নাৰাখে। ৷ কিন্তু ইয়াৰ ওলোটাও হয়। এগৰাকী ছোৱালীয়ে নিজৰ বায়ডাটা দেউতাকক লিখিবলৈ দিলে। দেউতাকে কি কি লিখিলে দেখিলে আপোনাৰো চকু কঁপালত উঠিব।  


লৰেন নামৰ ছোৱালীজনীয়ে দেউতাকক বায়ডাটা লিখিবলৈ দিয়াত দেউতাকে খুব আগ্ৰহেৰে লিখিবলৈ আৰম্ভ কৰিলে। বাকী বায়ডাটা যেনেকৈ লিখা হয় তেনেদৰে আৰম্ভ কৰিলে। কিন্তু মাজত লাগিল পয়মাল। জীয়েকৰ  গুণাগুন লিখিবলৈ গৈ যিমান সততা দেখুৱালে সেয়া চচিয়েল মিডিয়াতেই ভাইৰেল হৈ পৰিল। 
দেউতাকে লিখিলে তেঁওৰ জীয়েকে ২টা বিষয়ত ফেইল কৰিছে। লগতে লিখিছে জীয়েকে কেবল ফেচবুক কৰে অন্য কাৰো কথা নুশুনে।তাই বদমেজাজী টাইপৰ। ! লৰেনে  এই বায়ডাটাখন টুইটাৰত শ্বেয়াৰ কৰিছে। 

ইয়াকে কোৱা হয় ফাডাৰ অফ দা ইয়েৰ। …
মোৰো এটা কথা মনত পৰিছে। হয়তো মোৰো একেই হলহেঁতেন যদি মোৰো বায়ডাটা দেউতাক লিখিবলৈ দিলোঁহেতেন। 
তলত ফটো দিছো চাওঁকচোন। 




শ্বেয়াৰ কৰক👇🏻