এটি গল্প



অ' বৰদেউতা ৰেখা নাই ? সুৰভিয়ে আহি ৰেখা ৰ দেউতাকক দূৰৈৰ

পৰাই চিঞৰি সুধিলে ! অ ' আছে আছে ৰূমটোৰ ভিতৰতে সোমাই

কিবা কৰি আছে তাই ! সুধিলোঁ কি হৈছে একো নকলে মুখ খন

ফুলাই গোটাই ৰঙালাউ টোৰ দৰে হৈ আছে ! সোধচোন

গৈ কি হৈছে তোমাক কব চাগে ! মাকৰ গালি খালে অলপ

কাপোৰৰ হৈ ! সেয়ে লেঠা লাগিল চাগে !

মূৰে গাই কাপোৰ লৈ ৰেখা শুই আছে ! কাপোৰ খন আঁতৰাই

দি সুৰভিয়ে তাইক ক'লে ! এই কেইটা বাজিল গ'ম পাইছ নাই ?

চ'ক খাই উঠিল তাই ! হাহা মইহে সুৰভিয়ে কি ভাবি আছ ?

পূজাত নোযোৱা ? ৰেখাই এটা বেলেগ আবেগত কৈ উঠিল নাযাও !

ঘৰতেই পূজা কৰিম ! তোমালোক যোৱাগৈ তাই বিসাদ

মনৰে কথাটো ক'লে ! সুৰভিৰ মনটো বেয়া লাগি গ'ল !

সৰুৰে পৰাই একেখন গাওঁত ডাঙৰ হৈ একে স্কুলৰ পৰাই পাঁচ

কৰি নতুনকৈ ওচৰতে থকা কলেজখনত নাম লাগাইছিল

দোয়োজনে ! সদায় একেলগে কলেজ যায় ! ৰেখাৰ লগত তাই

থাকি ভাল পাই বেস্ট বান্ধবী জনী নগলে তাইৰ কেনে লাগিৱ !

এটা কথা কওঁনে ? ৰেখাই সুৰভিৰ মুখৰ ফালে চালে ! তই পূজাত

কিয় নোযোৱা হৈছা মই জানো ! তোৰ কাপোৰ নায় হয়নে ?

ৰেখাই লগলগ কৈ উঠিল সৈই কাৰণে নহয় দেই , এনেই যাৱ মন

নাই ! তোক মই সকলোতকৈ ভাল বন্ধু বুলি ভাবো সেয়ে মোৰ

তাত এজোৰ নতুন কাপোৰ আছে সেইজোৰ তই পিন্ধিৱ লাগিৱ !

নহলে তই নগলে ময়ো পূজাত নাযাও ! অ কৈ দিলো ! সুৰভিৰ

বন্ধুত্বৰ বান্ধোনত তাইৰ সচাকৈ হৃদয় বলিন হ'ল ! যাম

দে বুলি মিচিকিয়া হাঁহি এটা ফুটি উঠিল তাইৰ মুখত !

সুৰভিয়ে কলে তই নগলে একো ভাল নালাগিৱ , জানাইচোন

শিখা,পাহি, কৰবী, দিপ্তী হতে আমাক পাট্ৰাই নিদিয়ে ! অ অ

বুলি কৈ ৰেখাই চুলিখিনি বান্ধি ল'লে ! আনন্দ মনে পূজা যাম

বুলি দোয়োটাই কাপোৰ পিন্ধিলে ! ৰেখাই সুৰভিক ক'লে চাদৰৰ

লোচটো এনেকৈ মাৰিলে আৰু ভাল লাগিল হয় ৰেখাৰ মতেই

পিন্ধিলে তাই ! মোবাইলটো পাহৰি গলো বুলি সুৰভিয়ে বাটত

মনত পেলেলা ! ৰেখাই কলে বাদ দিয়া আজি পূজাৰ

দিনা কথা নাপাতিলেও হৱ ! হাহা সেইটো নহয় অ

ফটো দুকপি মান উঠিৱ পাৰিলো হয় বুলি সুৰভিয়ে অলপ

ৰোমাণ্টিক সুৰত কৈ দিলে ! হাঁহি হাঁহি আগবাঢ়ি গৈ থাকিল

কলেজ অভিমুখে ! ৰাস্তাৰে বাইক

লৈ গৈ থকা ল'ৰা বোৰে ঘুৰি চাই মাত লগাই

সৰস্বতী দুজনী চালিয়া আছিল বে ! সুৰভিয়ে হাহিতে মুখত ৰুমালৰ

সোপা দিয়ে ! ৰেখাই পাগল এইবিলাক এনেকৈ কয় !

সকলোৰে মনত আনন্দ ধল নামি আহিছে ! সুন্দৰী দিবস বুলি !

ৰেখা সুৰভি কলেজৰ চৌহদ পাইছিল হে ৰাশি , কৰবী '

দীপা দৌৰি আহিল সিহঁতৰ কাষলৈ ! মজা লাগিছে দেই

সুৰভি তোক আজি আৰু কোনে পাই ! কেতিয়া লৈছিলা অ

কাপোৰজোৰ ? আজিকালি এই জোৰ কাপোৰ ইমান চলিছে !

নানান প্ৰস্নৰ সন্মুখীন হ'ল সুৰভি ! ৰেখাও আছে তাত !

বা ৰেখা তোৰ এইযোৰ কাপোৰ আকৌ কেতিয়া ললি ?

পুৰণা হলেও বেয়া লগা নাই সচাকৈ কৰবিয়ে কাপোৰ জোৰ তাইৰ

লাৰি লাৰি ক'লে ! ৰেখা ই একো নকও টেই দিপ্তিয়ে কৈ উঠিল

এই জোৰ কাপোৰ যোৱাবাৰ সুৰভিয়ে পিন্ধি আহিছিল চোন !

তাইৰ নহয় নেকি ? পাহিয়ে কলে বেলেগৰ কাপোৰ

পিন্ধাটো বেয়া নহয় কিন্তু সূৰভিৰ কিবা যদি বেমাৰ আছে তাইৰ

তাত যাৱ ! হাঁহি গিজগিজনী উঠিল গোটেই ঠাইখিনেতে ! ৰেখাই

লাজত ৰঙা চিগা পৰি গ'ল ! কথাৰ মাজতে সুৰভিয়ে ৰেখাক

চালে তাই নাই ! মূহৰ্ততে তাই অন্তধ্যান হ'ল !

সুৰভি অকলে অকলে ঘৰ আহিল ! ঘৰ আহি আকৌ ৰেখাক

বিচনাতে পালে ! কাপোৰ খন লৈ তাই শুই আছে !!


#ইশান্ত



( বিঃদ্ৰঃ - তলৰ 👇🏻  হোৱাটচএপত /ফেচবুক শ্বেয়াৰ বুটামটোত ক্লিক কৰি হোৱাটচএপ/ফেচবুকত শ্বেয়াৰ কৰক ।আৰু আন দহজনকো পঢ়াৰ সুবিধা দিয়ক