আপোনাৰ ফ্রেণ্ড লিষ্টটো থাকিব পাৰে এনেকুৱা ফ্ৰেন্ড?

কৰবীয়ে ঘৰত যোৰ দি আছে তাই গুৱাহাটীত আহে । বাবু
দা- মোনা বৌৱেকৰ কেচুৱা হোৱাৰ সময় হৈছে আৰু
এইখিনি সময়ত তাই সিহঁতৰ ওচৰত থাকিব বিচাৰে।
যোৰহাটীয়া ছোৱালী কৰবীয়ে ফেচবুকতে চিনাকি ধ্রুৱজ্যোতি বড়ো ওর্ফ
বাবুক ককায়েক বনাইছে । ইমান দিনে ককায়েকৰ মৰম
নোপোৱা কৰবীয়ে বাবুদাৰ পৰা পাইছে মৰম, প্রেৰণা, এক
নির্ভৰতা । আৰু কিমান ফুর্টিৰ কথা যে ককায়েকৰ লগত
মৰমীয়াল বৌৱেক এজনী পাইছে আৰু ভতিজাও পাব ।
ফেচবুকত এইবোৰ কথাকলৈ বিভিন্ন পোষ্ট দি বাবু দাৰ
লগত ধেমালি কৰি থাকে তাই ।
কেচুৱা হোৱাৰ এক সপ্তাহৰ আগতেই বাবুদায়ে তাইক
গুৱাহাটীলৈ অহাৰ কথা ক'লে । তাইৰও যাব মন ।
পিছে কি হ'ব, ঘৰৰ মানুহেই নুশুনেই তাইৰ কথা । যোৱাৰ
কোনো আশা নেদেখি কৰবীয়ে এখন টাৱেল কুৰিয়াৰ
কৰি বাবুদালৈ পঠাই দিলে । আৰু ক'লে যে তাইৰ ভতিজাক
প্রথম এই টাৱেলখনেৰেহে কোচত লয় । লগতে টেৱেলখনত
তাইৰ নামটো লিখি দিব নাপাহৰিলে...
তাই গুৱাহাটী নোযোৱা বাবে বাবুদাই খং কৰিলে ।
ইফালে তাইও ঘৰত খং কৰি ৰাতি ভাত নাখাই এনেই টিভিৰ
সন্মুখত বহি কথাবোৰ ভাবিব ধৰিলে ।
এটাৰ পিছত এটা টিভিৰ চেনেল চেঞ্জ কৰি যাওঁতেই তাই
NEWS LIVEঅত দি থকা BREKING NEWSঅত
ৰৈ দিলে । ডাঙৰ ডাঙৰ আখৰেৰে টিভিৰ পর্দাত
লিখি দি আছে "গুৱাহাটীত নাৰীদেহ সৰবাহীক আটক"
"ফেচবুকৰ জড়িয়তে যুৱতীক প্রলোভন" ... ।
মুখত টাৱেলেৰ ঢাকি ৰখা এই আটক হোৱা ব্যক্তিজনক
যেতিয়া টিভিৰ পর্দাত দেখালে , তেতিয়া কৰবীয়ে চকু ডাঙৰ
কৰি দিলে । এই টাৱেলখন তাই বাবু দাদাকলৈ পঠাইছিল,
য'ত লিখাই আছে তাইৰ নামটোও.....!
তাইৰ যেন সকলোবোৰ ওলট পালট লাগি গ'ল ।
মোবাইলটো চুব মন নহোৱা হৈ গ'ল । মনৰ
ভিতৰতে মাক দেউতাকক ধন্যবাদ দিলে, গুৱাহাটীলৈ যাব
যে নিদিলে তাইক....
(আপোনাৰ ফ্রণ্ড লিষ্টটো থাকিব পাৰে এনেকুৱা 'বাবু দা'
। সাৱধান । )
# B.n.Rupam


( বিঃদ্ৰঃ - তলৰ 👇🏻  হোৱাটচএপত /ফেচবুক শ্বেয়াৰ বুটামটোত ক্লিক কৰি হোৱাটচএপ/ফেচবুকত শ্বেয়াৰ কৰক ।আৰু আন দহজনকো পঢ়াৰ সুবিধা দিয়ক