মিষ্ট্ৰিয়াচ নাইট ১-Assamese horror story

পৰীক্ষা দিবলৈ প্ৰথমবাৰ গুৱাহাটিলৈ আহিছো তাকো অকলে ।
বন্ধু অৰুপলৈ ফোন কৰিবলৈ বিচাৰোতে দেখিলো ফোনটোৰ
চাৰ্জ শেষ । তাৰ ঘৰ কোনখিনিত নাজানো । অৱশেষত
ঠিৰাং কৰিলো যে আজি ৰাতিটো কোনোবা হোটেল এখনত
থাকি পুৱা পৰীক্ষা দি বন্ধুৰ ঘৰ বিচাৰিম । এইবুলি ভাবি প্ৰায়
পাঁচখনমান হোটেললৈ গ'লো । নাই, কতো খালী ৰূম নাই ।
যি দেখিছো ৰাতিটো ফুটপাথতে কটাব লাগিব ।
ভাবি ভাবি খোজকাঢ়ি গৈ আছিলো । তেনেতে এজন
ৰিক্সাচালকে মোক ক'ত যায় সুধিলে । মই
সকলো কথা বিৱৰি কলো । সি ক'লে যে সি মোক এখন
হোটেললৈ লৈ যাব য'ত ভাৰাও কম আৰু নিৰাপদো । পানীত
ডুবিবলৈ ধৰা মানুহে খেৰ কুটা এডালকে সাৰথী হিচাপে লোৱাৰ
দৰে মইও বিনা দ্বিধাই সন্মত হ'লো । সি মোক এটা নিজান
গলিয়েদি লৈ গৈ আছে । কিন্তু কিয় জানো এক অজান আশংকাত
মোৰ বুকু কপি উঠিছিল । কোনোবাই যেন মোক
কাণে কাণে কৈছে- তই মৃত্যুৰ মুখলৈ গৈ আছ ।
সোনকালে ৰিক্সাৰ পৰা নামি যা নামি যা....।
-: আৰু কিমান দূৰ আছে হে-- মই সুধিলো ।
-: এই পালোহিয়েই দাদা,--
এইবুলি সি ৰিক্সাখন ৰখাই এখন হোটেল দেখুৱালে ।
দেখিলো এখন দুমহলীয়া হোটেল । লিখা আছে 'হোটেল
মনালিচা' ।
ৰিক্সাখনৰ পৰা নামি অলপ হোটেলখন লক্ষ্য কৰিলো । পিছত
মানিবেগৰ পৰা বিশ টকা এটা উলিয়াই ৰিক্সাচালকজনক
দিবলৈ লৈ দেখো যে ৰিক্সাখন নাই । হয়টো ৰিক্সাচালকজনৰ
দেৰি হোৱা বাবে নাইবা মোৰ
অৱস্থালৈ দয়া ওপজা বাবে টকা নোলোৱাকৈ গুচি গ'ল । বিশেষ
একো নাভাবি মই হোটেলখনলৈ গ'লো । গম পালো খালী ৰূম
এটা আছে ওপৰ মহলাত । ৰূম নম্বৰ ১৩ । ভাৰা দুশ টকা ।
ধুনীয়া ৰিচেপচনিষ্ট গৰাকীয়েই মোক ৰূমটোলৈ লৈ গ'ল ।
ৰুমটোত সোমায়েই দেখিলো এখন
বিচনা বগা বিচনা চাদৰেৰে পাৰি থোৱা । দিনটোৰ
ভাগৰবোৰে যেন মোক এতিয়াহে হেচা মাৰি ধৰিলে । বিচনাখনত
অলপ সময় বাগৰ দিলো । খন্তেকতে টোপনি গলো । কিমান
সময় শুই আছিলো নাজানো, হঠাৎ কিছুমান শব্দত সাৰ পাই
উঠিলো । ঘড়ীটোলৈ চাই দেখিলো সময় তেতিয়া ২ বাজি ৩০
মিনিট হৈছেহি । শব্দবোৰ কাষৰ ৰূমটোৰ পৰা অহা যেন
লাগিছে । অলপ সময় কাণপাতি শুনিলো । অনুমান হ'ল পতি-
পত্নীৰ কাজিয়া । কিবা কথাত তেওঁলোকৰ মাজত কাজিয়া হৈছে ।
অলপ পাছত বন্দুকৰ গুলিৰ শব্দৰ লগতে নাৰীকন্ঠৰ মৰণ কাতৰ
চিঞৰ শুনা পালো । মোৰ সৰ্বশৰীৰ জ্বৰে ঘমা দি ঘামিব
ধৰিলে । ওহো এনেকৈ থাকিলে নহ'ব । কথাটো তলত জনাব
লাগিব বুলি ভাবি ৰূমৰ দুৱাৰ খুলি বাহিৰলৈ ওলালো । কৰিডৰ
(Corridor) টোত কম ভল্টেজৰ নীলা বাল্ব দুটামান
জ্বলি আছিল । দেখিলো এজন মানুহে উন্মাদৰ দৰে আন
ৰূমবিলাকৰ দুৱাৰত গুৰিয়াই ভাঙি বন্দুকেৰে গুলিয়াই গৈছে ।
লগে লগে মৰণ কাতৰ চিঞৰ শুনা গৈছে । মই ভগৱানৰ নাম
লৈ ফুলদানিটোৰ আৰঁত লুকালো । মানুহজনে মোক নেদেখিলে ।
মোৰ ৰুমটো সোমাই মানুহজনে সম্ভৱতঃ মোক বিচাৰিছিল ।
মোক বিচাৰি নাপাই খঙত ওলাই গৈ আনটো ৰুম গুৰিয়াই সোমাই
গ'ল । কোনোবাই যেন মোৰ কাণে কাণে ক'লে-
"পলা পলা যদি বাচি থাকিবলৈ মন আছে" । মই মাত্ৰ
চেকুৰিছো চিৰিখনৰ ফালে । বাটতে আগতে লগ
পোৱা ৰিচেপচনিষ্ট গৰাকীক লগ পালো । তাইৰ
দেহো তেজেৰে ৰাঙলী । সেহাই সেহাই তাইক পুলিচক খবৰ
দিবলৈ ক'লো ।
কিন্তু মোক আচৰিত কৰি তাই এটা প্ৰকাণ্ড অট্টহাস্য
কৰি ক'লে -
-: চাৰ, পুলিচক খবৰ দি কি লাভ হ'ব ? সি মোকো গুলিয়ালে ।
এইয়া চাওঁক মোৰ হাওঁফাওঁৰ মাজেৰে গুলি পাৰ হৈ গৈছে -
এইবুলি তাই হাতেৰে বুকুত সুমুৱাই হাওঁফাওঁটো টানি উলিয়াই
আনিলে । দেখিলো সেইটো এতিয়াও ঢিপ ঢিপ কৰি আছে ।
বুজি পালো মই এটা অভিশপ্ত ঘৰত আহি বন্দী হলোহি । মই
মাত্ৰ চেকুৰিছো চিৰিখনৰ ফালে । অৱশেষত চিৰিখন পালোহি ।
তললৈ নামিবলৈ লৈ দেখো যে চিৰিখন তলৰ
পৰা ক্ৰমান্বয়ে নোহোৱা হৈ আহিছে । পিছলৈ ঘুৰি চাই
দেখিলো ৰিচেপচনিষ্ট গৰাকী আৰু বন্দুক লোৱা মানুহজন
ক্ৰমান্বয়ে মোৰ ফালে আগুবাই আহি আছে । দুয়োৰে ভয়ংকৰ
(কৃন্তক) দাঁতবোৰ বাহিৰলৈ ওলাই আহিছে ।
কোনো চিন্তা নকৰি চিৰিখনৰ ফালে জাপ মাৰি দিলো, তাৰ
পাছত মোৰ একো মনত নাই ।
কাৰোবাৰ গুণগুণনি শুনি চকু মেলি চাই দেখিলো মোক
আৱৰি মোৰ বন্ধু অৰূপ, তাৰ পৰিবাৰ, এজন তান্ত্ৰিক
আদি কৰি প্ৰায় ১০ জনমান মানুহে উৎকন্ঠাৰে চাই আছে । গম
পালো মই হেনো সম্পূৰ্ণ ২৪ ঘন্টাৰ পাছতহে জ্ঞান ঘুৰাই
পাইছো । সকলোৱে মোৰ কি হৈছিল জানিব বিচাৰিলে ।
সকলো বিৱৰি কলো । তেওঁলোকে কলে অৰূপে হেনো মোক
আনিবলৈ ৫.৩০ ৰ পৰা ৰৈ ৰৈ মই নহা দেখি গুচি আহিছিল ।
মোলৈ ফোন কৰি Switch Off পালে । অলপ বজাৰ সমাৰ
কৰি ঘুৰি আহোতে হেনো ৰাতি প্ৰায় ১১ মান বাজিছিল । নিজৰ
বাইক আছিল বাবে চিন্তা নাছিল । আহোতে কিছুমান মানুহৰ
জুম দেখি সোমাই যাওতে মোক সেই অভিশপ্ত হোটেলখনৰ
আগৰ ৰাস্তাত পৰি থকা দেখি ৰূমলৈ লৈ আনি তান্ত্ৰিকৰ হতুৱাই
জৰা ফুকা কৰাই মোক ভাল কৰালে ।
সেই হোটেলখনত হেনো প্ৰায় এবছৰমান আগতে এটা ৰূম এহাল
দম্পতীয়ে ভাৰালৈ লৈছিল এৰাতিৰ বাবে । কিন্তু কিবা কথাত
দম্পতীহালৰ মাজত কাজিয়া হোৱাত স্বামীজনে পত্নীক তেওঁৰ
পিষ্টলেৰে গুলিয়াই হত্যা কৰিলে । শব্দ
শুনি ৰিচেপচনিষ্টকে আদি কৰি কাষৰ ভাৰাতীয়া সকলে তেওঁক
বাধা দিবলৈ যাওঁতে তেওঁলোককো গুলিয়াই হত্যা কৰি অৱশেষত
নিজেও মূৰত গুলিয়াই আত্মহত্যা কৰিলে । তেতিয়াৰ পৰাই সেই
হোটেলখন বন্ধ হৈ আছিল । সেইফালে মানুহ দিনতে যাবলৈ ভয়
কৰে । ৰাতি হ'লে হেনু তাৰ পৰা নাৰীকন্ঠৰ চিঞৰৰ
লগতে বন্দুকৰ শব্দ শুনা যায় । কাৰোবাৰ দিন বাৰ
বেয়া হ'লে হেনো এজন ৰিক্সাচালকে তালৈ ফুচুলাই আনি শেষত
হত্যা কৰে । এতিয়ালৈ মুঠতে হেনো তিনি জনক
হত্যা কৰা হৈছে । মোৰ ইষ্ট দেৱতা ভাল থকা বাবেহে হেনু
ৰক্ষা পৰিলো । কথাবোৰ শুনি পুনৰ মোৰ মূৰ ঘুৰাবলৈ ধৰিলে ।
পুনৰ মই অজ্ঞান হৈ পৰিলো ।

#সঞ্জীব দাস


( বিঃদ্ৰঃ - তলৰ 👇🏻  হোৱাটচএপত /ফেচবুক শ্বেয়াৰ বুটামটোত ক্লিক কৰি হোৱাটচএপ/ফেচবুকত শ্বেয়াৰ কৰক ।আৰু আন দহজনকো পঢ়াৰ সুবিধা দিয়ক