'যৌৱন ডট কম'

'যৌৱন ডট কম'

'''''''''''''''''''''''''

(1)

'হৃদয়ৰ পৰা বিচৰা মানুহজনক

যেতিয়া কোনো নাৰীয়ে বিচাৰি পায় তেতিয়া সেই মানুহজনৰ

ওচৰত কোনো আৱেগৰ মূহুর্তত

নিসংকোচে সেইনাৰীয়ে নিজৰ দেহ এৰি দিয়ে.. । পূজাৰ

নির্মালীৰ দৰে পৱিত্র এই আৱেগ ..' কৰবাত এই কথাষাৰ

পঢ়িছিল কংকনাই । আৰু আজি কোনো আৱেগ

নথকাকৈ তাই নিজৰ দেহাটো এৰি দিব লগা হ'ল দিপাঙ্কৰৰ

ওচৰত । পৃথিৱীৰ আটাইতকৈ ঘৃণা ওপজা মানুহজনৰ স্পর্শ,

চুমা, উষ্ণতা, উত্তাপেৰে তাই তাইৰ দেহৰ পৱিত্রতা নষ্ট

কৰি পেলালে ।

(২)

প্রায় এবছৰমান আগত ফেচবুক একাউণ্ট খুলিছিল কংকনাই৷

আৰু ফেচবুকতে চিনাকি হৈছিল নৱৰংগৰ সৈতে ৷ তাইৰ

বাকী ফ্ৰেণ্ড সমূহতকৈ নৱৰ wall খনে, তাৰ about

খিনিয়ে তাইক আকৰ্ষিত কৰিছিল ৷ নৱই পোষ্ট

কৰা কবিতা, এক মিনিটৰ গল্প, সৰু সৰু ব্যংগ লেখা সমূহ

পঢ়ি তাই কমেন্ট কৰিছিল ৷ প্ৰথমে কমেন্ট তাৰপিছত

লাহে লাহে ইনবক্সক কথা পাতিব ল'লে ৷

কম দিনৰ ভিতৰতে দুয়োজন অন্তৰংগ বন্ধু হৈ উঠিল ৷

ইজনে সিজনক নিজৰ জীৱন-শৈশৱ-যৌৱনৰ বহু

অভিঞ্জতা-অনুভৱ কথাৰে ভগাই ল'লে ৷

আৰু লাহে লাহে…… গোপনে গোপনে নিজেই

নজনাকে ইজনে সিজনক ভালপাই পেলালে ৷ মৰম-প্ৰেম-

আৱেগ-হাঁহি-ধেমালীৰে দুয়োজনে ভালপোৱাৰ শিকলিত

বান্ধ খালে নৱ-কংকনাই ৷

(3)

ৰাতি বহু দেৰিলৈ দুয়োজনে ফেচবুকত কথা পাতি থাকে ৷

খং কৰে, অভিমান কৰে আৰু মনাইও লয় ৷ ৰাতিৰ নিজানত

কেতিয়াবা আৱেগৰ তাড়নাত দুয়ো নষ্ট

হৈ উঠি নীলা নীলা দুষ্ট কথা পাতে !

আৰু তেনেকৈয়ে এদিন কংকনাই তাইৰ দেহৰ গোপন

ফটো নৱৰ ইনবক্সত প্ৰেৰণ কৰিলে…… ৷ নৱক

সুখী কৰিবলৈ !

(4)

এদিন হঠাতে কংকনাই তাইৰ ফেচবুক একাউণ্টো খুলিব

পৰা নাই ৷ পাচৱৰ্ড ৰং বুলি দেখাই ৷ নৱক call

কৰি জনালে ৷ সিও চেষ্টা কৰি চালে ৷ নাই 'ৰং পাচৱৰ্ড' ৷

কি হ'ল!! একাউণ্টো হেক হ'ল নেকি!!

(5)

ৰাতি নৱৰ ইনবক্সত 'দিপাংকৰ বৰা' নামৰ একাউণ্টোৰ

পৰা ফটো এখন পালে ৷ কংকনাৰ ফটো ! তাইৰ দেহৰ

গোপন অংশৰ ফটো ৷ নৱক সুখী কৰিবলৈ দিয়া ফটো !

কংকনালৈ দিপাংকৰৰ call ৷ সি তাইৰ দেহৰ সৌন্দৰ্য চাব

বিচাৰে realঅত , চুব বিচাৰে তাইৰ দেহৰ খলাবমা বোৰ ৷

তাই তাক লগ কৰিব লাগে ! নহ'লে ফেচবুকৰ ৱালে ৱালে,

হুৱাটৱাপেৰে বিয়পি যাব তাইৰ নীলা ফটোবোৰ !

(6)

নৱক নজনাকৈ কংকনাই দিপাংকৰক লগ

কৰি আহিলে 'hotel BN'ৰ গোপন কক্ষত…… !

নৱৰংগই তাৰ ম'বাইলটো, গলত পিন্ধি থকা ৰূপৰ চেইনডাল

বিক্ৰী কৰিব গ্ৰাহক বিচাৰি আছে ৷

যেনেতেনে 10,000টকা হ'লেও যোগাৰ কৰিব লাগিব !

দিপাংকৰৰ bank a/cঅত ভৰাই দিব

লাগিব ৷ নহ'লে তাৰ কংকনাৰ ফটোবোৰ

ফেচবুকে ফেচবুকে বিয়পি পৰিব………

#b.n.rupam



( বিঃদ্ৰঃ - তলৰ 👇🏻  হোৱাটচএপত /ফেচবুক শ্বেয়াৰ বুটামটোত ক্লিক কৰি হোৱাটচএপ/ফেচবুকত শ্বেয়াৰ কৰক ।আৰু আন দহজনকো পঢ়াৰ সুবিধা দিয়ক