মিষ্ট্ৰিয়াচ নাইট.. গল্প নতুবা অভিজ্ঞতা ২-Assamese horror story

(মিষ্ট্ৰিয়াচ নাইট.. গল্প নতুবা অভিজ্ঞতা..আজিৰ অভিজ্ঞতা আমালৈ লিখি পঠিয়াইছে উৎপল কলিতাই)

১৯৯৯ চনৰ ঘটনা এটা কবলৈ ওলাইছো। আমি তেতিয়া ৰঙিয়াৰ ব্ৰিকফিল্ড কলনিত আছিলো। আমাৰ ঘৰৰ ওচৰত এখন ডাঙৰ খেল পথাৰ আছিলে। মানুহৰ মুখত শুনা মতে বহু বছৰ আগতে খেল পথাৰখন পুতিবলৈ মানুহে বহুত চেষ্টা কৰি ব্যৰ্থ হোৱাৰ ফলত এহাল বুঢ়া বুঢ়ীক হেনু তাত বলি দিছিলে। এতিয়া মোৰ জীৱনত ঘটা এটা সচাঁ ঘটনা কবলৈ গৈ আছো। তেতিয়া মই এজন চাৰি বছৰীয়া শিশু। এদিন সন্ধিয়া ঘৰৰ ওচৰৰ এজন খুৰা আৰু তেওঁৰ লৰাজনৰ সৈতে সেইখন খেলপথাৰেৰে শ্ৰীকৃষ্ণৰ ঝুলন যাত্ৰা চাবলৈ গৈছিলো, ঘূৰি আহোতে ৰাতি ৯ টা মান বাজিছিলে। সিদিনা ঘৰত কেৱল মোৰ মা আৰু পেহীহে আছিলে। আমি ভাত পানী খাই সোনকালে শুই গৈছিলো। গৰমৰ দিন আছিলে বাবে খিৰিকীবোৰ খোলা আছিলে। ৰাতি ২ টা মান বজাত মোৰ পানীৰ পিয়াহ লগাত মায়ে মোৰ বাবে পানী আনিবলৈ গৈছিলে। সেই মুহূৰ্তত মই খিৰিকীৰে যি দেখিছিলো সেইয়া চকুৰে নেদেখিলে কোনেওঁ বিশ্বাস নকৰিব। মই খিৰিকীৰে চোতালত দেখিছিলো এজন সম্পূৰ্ণ বগা বয়সীয়াল মানুহ, তেওঁ কলা চচমা এযোৰ পিন্ধি আছিলে। মানুহজনৰ দাড়ি, চুলি, গাৰ কাপোৰ সকলো বগা আছিলে আৰু মানুহজন লাইতৰ পোহৰৰ দৰে উজ্জ্বল আছিলে। মানুহজনে মোক হাতবাউল দি মাতি আছিলে।মই ভয়ত কান্দিছিলোঁ। পানীখিনি লৈ মা মোৰ ওচৰত আহিছিলে যদিও মই কান্দিয়েই আছিলো। মাৰ অলপ সন্দেহ হৈছিলে সেইবাবে ভগৱানৰ মন্ত্ৰবোৰ পঢ়িছিল। আধা ঘণ্টা মান পিছত মই কন্দা বন্ধ কৰিছিলো আৰু মাক মই সেইফালে দেখুৱাই দিছিলো।কিন্তু মায়ে একো দেখা নাছিলে আৰু তাৰ পিছত মানুহজন নোহোৱা হৈ গৈছিল। তাৰ পিছত মায়ে মোৰ পকেটত জালুক ভৰাই দিছিলে। বহুতে এই ঘটনাটো বিশ্বাস কৰিবলৈ টান পাব। বিশ্বাস নকৰিলেও মোৰ কব লগা একো নাই, যিটো মোৰ লগত ঘটিছিলে সেইটো মই বৰ্ণনা কৰিলো।
এই ঘটনাটো লিখি থকাৰ মুহূৰ্তত ও মোৰ গাৰ নোম শিয়ৰি উঠিছে।


#উৎপল কলিতা


((মিষ্ট্ৰিয়াচ নাইট । ইয়াত আমি প্ৰকাশ কৰো কিছুমান ৰহস্যময় লিখনি, কিছুমান মানুহৰ জীৱনৰ অভিজ্ঞতা, অশৰীৰি আত্মাৰ কথা, ঘটনা তথা গল্প ।  ৰহস্যৰ দোমোজাত আমি পাহৰি পেলাও এয়া বাস্তৱ নে সপোন  নে মনৰ ভ্ৰম। কিছুমান মানুহে দাবী কৰে এয়া তেওঁৰ জীৱনৰ বাস্তৱ অভিজ্ঞতা...তেনেই কিছুমান লিখনিৰে আগবাঢ়ি আছে এই শিতানটো।... আপোনাৰ জীৱনতো তেনে কোনো ঘটনা আছে নেকি যিবোৰ শুনি বেলেগে হাঁহে ? আমালৈ লিখকচোন। আমাৰ ফেচবুক পেজৰ ইনবক্সত বা ইমেইলত swapniljonak@gmail.com ত পঠিয়াব পাৰে। যদি আপুনি বিছাৰে আমি আপোনাৰ পৰিচয় গোপনীয় ভাবে ৰাখি প্ৰকাশ কৰিম আৰু...

সেই গল্পবোৰ লৈ যাম হাজাৰজনৰ কাষলৈ।))

(বিঃদ্ৰঃ-অন্ধবিশ্বাসৰ কোনো প্ৰসাৰত আমি সমৰ্থন নকৰো)


👉ইয়াত ক্লিক কৰি আপুনিও নিজৰ অভিজ্ঞতা বা গল্পটো লিখকচোন ।আমি সকলোকে শুনাম ।



( বিঃদ্ৰঃ - তলৰ 👇🏻  হোৱাটচএপত /ফেচবুক শ্বেয়াৰ বুটামটোত ক্লিক কৰি হোৱাটচএপ/ফেচবুকত শ্বেয়াৰ কৰক ।আৰু আন দহজনকো পঢ়াৰ সুবিধা দিয়ক