সোৱৰণীৰ একাঁজলি মধুৰ বিষাদ বুকুত লৈ আজি আন্ধাৰত স্পৰ্শ কৰি চাওঁ






সোৱৰণীৰ একাঁজলি মধুৰ বিষাদ বুকুত লৈ আজি আন্ধাৰত স্পৰ্শ কৰি চাওঁ মোৰ এৰি অহা মৰম-ভালপোৱা । তুমি জনাই পাহী তোমাৰ বুকুত আশাৰ বীজ সিঁচি ,এদিন ময়ে  দিছিলোঁ সপোনৰ অলেখ কঠিয়া।স্বপ্নময় পৃথিৱীৰ  মই এজন হৃদয়হীন প্ৰেমিকা । নিসংগতাৰ মালা গাঠি আজি মই হৈ পৰিছো দেবদাস । নিজক বুজাবলৈ বহুত কষ্ট হয় জানা । উজাগৰী নিশাৰ প্ৰতিটো পলে নিস্তব্ধতাৰ কেনভাচত মোক কাণে কাণে কৈ যায় মৃত্যু  যে মোৰ সমাগত । সপোন ৰচিবলৈ আজি মোৰ সতে আছে মাথো কেৱল চকুপানী । 

পাহী, তোমাক লৈ মই বহুত আশা কৰিছিলো অ । কিয়....কিয় তুমি মোক প্ৰতাৰণাৰ নাওঁত এৰি জোনাকৰ বুকুত হেৰাবাই দিলা মোৰ আশা কল্পনা । নীলা চিঞাঁহীৰে লিখা প্ৰতিখন চিঠিয়েই মোক দি গল মৃত্যুৰ বতৰা । মৃত্যু পথৰ সহযাত্ৰী হৈ মই আজি এজন দিশভ্ৰষ্ট পথিক । তুমি মোক এৰি যোৱাৰ পৰাই মোৰ মনৰ অব্যাপ্ত হেপাঁহবোৰেইচোন নাইকিয়া হৈ গল ।   ভাবিছিলো তোমাক লৈ এখন সুখৰ ঘৰ পাতিম, তাজমহলৰ কম্পিত সৌধ নিৰ্মাণ কৰিম কিন্তু মই কৰা সপোনবোৰ আশাবোৰ  তেনেই  নিস্ফল হৈ ৰল ।


 মোক দিশহাৰা কৰিলা ? তুমিহীনতাৰ যন্ত্ৰণাবোৰেই মোৰ এতিয়া শেষ জীৱনৰ ভৰষা । ৰৈ থাকিম মোৰ সমাধিত এটা ছাঁ হৈ । দুৰৰ পৰাই চাই থাকিম মাথো তোমাক ....!

সীমনাত ''মনোৰঞ্জন কলিতা

Post a Comment

0 Comments