এদিন আকৌ হাঁহিম। প্ৰাণ খুলি হাঁহিম


মই ভাবো বহুত দুখ দেখিছো | বহু দুখৰ যাতনাই মোক

দুৰ্বল কৰি তুলিছিল | হঠাৎ এদিন লগ পালো তেওঁক |

প্ৰহেলিকাময় জীৱনৰ বহু ঘাঁত প্ৰতিঘাতৰ অন্তত তেওঁ

আজি অনন্যা | বৃষ্টি, মই দিয়া নাম | তেওঁ মোক

হাঁহিবলৈ শিকালে | তেওঁৰ ওপৰত হিংসা হয়,

তুমি প্ৰাণখুলি কেনেকৈ হাঁহিব পাৰা? মই পৰা নাই,

চেষ্টা কৰিছো | মোৰ দুখবোৰ তেনেই সৰু যেন লাগিল

তেওঁৰ তুলনাত |

হয় মই দুখী, কিন্ত তেওঁ....

অনন্ত দুখৰ ভাৰ গ্রহণ কৰিও হাঁহিছে তেওঁ | মইও

ঠিৰাং কৰিছো, হহোঁৱাই ভাল

পোৱা লৰাটোৱে আকৌ হাঁহিব | অন্ততঃ তেওৰ

কাৰনে হাঁহিব |


#rajib ojah 



Post a Comment

0 Comments