বিচাৰ

বিষাদে মনটোক  বহুত দুখ দি থাকে   আজিকালি ।

কেতিয়াবা কলিজাটোৱে  ডিঙি চেপি ধৰিব খোজে।

বিষাদে হত্যা কৰে মোক ,মোৰ সহানুভুতিক ।

বিষাদ আজিকালি মোৰ প্ৰিয় শব্দৰ ভিতৰত এটা নতুন শব্দহৈ ধৰা দিছে।তুমি যিদিনাখন আতৰি গৈছিলা মোৰ মনৰ প্ৰাছীৰ

ভাঙি সেই ভঙা খিনিযেদি বিষাদ বোৰ পাৰ হৈ আহিছিল মোৰ

হৃদয়ৰ মজিয়ালৈ।

তুমি দিয়া দুখ ,বেদনা ,কান্দোনকে বৰ

মৰমৰে সাবটো আজিকালি ।এই বোৰৰে সপোন গুঠো মোৰ অপুর্ন জীৱনত ৷ 

এই বোৰ কৰি কি পাও নাজানো৷ 

 কিন্তু গুঠি যাও....হয়তো মনৰ তাগিদাতে কৰো

তোমাৰ মৰম ভালপোৱা  

নোপোৱাতো নিয়তিৰ

বিছাৰ বুলি ধৰিলো কিন্তু কেতিয়াবা এই

নিয়তি এই ভাগ্যৰ বিছাৰ সব

মোহাৰি ফালি ছিৰি জোৰকৈ হলেও মোৰ

বুকুলৈ তোমাক আজুৰি আনিব মন যায়....

হয়তো নিয়তিৰ হাত দুখন মোৰ হাত দুখন

কৈ বেছি দীঘল সেযে মই বাৰে বাৰে হাৰি যাও

হিয়া ঢাকুৰি কান্দো আজিকালি ঁ.... 


#Manash Mausam Sharma

Post a Comment

1 Comments