আন্ধাৰতে থাকক। পুৱা হলেই মই খোজ দিম

মোৰ পকাধান বৰণীয়া বুকুৰ আকাশত তুমি সজীৱ নক্ষত্ৰ |

চকুৰ জোনাকত তোমাৰ প্ৰতিচ্ছবি কানত গুণ গুণ কণ্ঠস্বৰ |

হৃদয়ৰ পৰা হৃদয়লৈ সহৃদয়তাৰ আমোলমোল সুৰভি |

দেখিচানে আকাশ চোৱাৰ বাসনাত ধুমুহা বতাহে তলাব

নোৱাৰা গছবোৰ ? আন্ধাৰে টানি নিয়া সময় বোৰ

আন্ধাৰতে থাকক দিয়া | পুৱতি নিশাতেই উঠি খোঁজ দিম

নতুন দিগন্তৰ সপোনৰ পথত

#rajib ojah 


Post a Comment

0 Comments